কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ অন্তৰ্গত ময়নাগুৰী গাঁৱত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আৱন্টনত ব্যাপক অনিয়মৰ অভিযোগ ।দোতমাৰ ময়নাগুৰীত প্ৰধানমন্ত্ৰী আবাস যোজনা (পিএমএৱাই) গৃহৰ জৰীপৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় একাংশ লোকে ৷ কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ অন্তৰ্গত ময়নাগুৰী গাঁও খনৰ দুখীয়া পৰিয়ালক পিএমএৱাই গৃহৰ চাৰ্ভেৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ।ফটিক দেবনাথ আৰু পংকজ সৰকাৰৰ বিৰুদ্ধে। কিন্ত ফটিক দেবনাথ আৰু পংকজে সৰকাৰ নিজ ইচ্ছাকৃত ভাবে দোতমা ৰাজহ চক্ৰৰ অন্তৰ্গত ময়নাগুৰী গাওঁ খনৰ দুখীয়া পৰিয়ালক বঞ্চিত কৰি ৰখাৰ অভিযোগ। গাওঁ খনৰ প্ৰায় সংখ্যক লোকে দৰিদ্ৰ হিতাধিকাৰী হোৱাৰ পিছতো বঞ্চিতহৈ থাকিব লগা হৈছে পিএমএৱাই গৃহৰ পৰা । ফটিক দেবনাথ আৰু পংকজ সৰকাৰৰ বিৰুদ্ধে গাঁও খনৰ প্ৰকৃত হিতাধিকাৰীয়ে সকলে ওলাই আহি ফটিক দেবনাথ আৰু পংকজৰ সৰকাৰৰ ওপৰত বিহত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সমগ্ৰ বিষয়টোত এক উচিত তদন্তৰে প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী সকলক পিএমএৱাই প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ