উপ-ৰাষ্ট্ৰপতিৰ ঘৰত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ইমেইল প্ৰেৰণ, তদন্তত একো পোৱা নগ’ল
চেন্নাই, ১৭ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনৰ চেন্নাইৰ মাইলাপুৰত থকা বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে প্ৰশাসনৰ মাজত হাহাকাৰ অৱস্থাৰ সৃ্ষ্টি কৰিছে। এজন অচিনাকি ব্যক্তিয়ে ইমেইলযোগে আৰক্ষীলৈ এই ভাবুকি প্ৰেৰণ কৰে। ইয়াৰ পিছতে আৰক
उपराष्ट्रपति सी.पी. राधाकृष्णन के घर को बम से उड़ाने की धमकी


চেন্নাই, ১৭ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনৰ চেন্নাইৰ মাইলাপুৰত থকা বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে প্ৰশাসনৰ মাজত হাহাকাৰ অৱস্থাৰ সৃ্ষ্টি কৰিছে। এজন অচিনাকি ব্যক্তিয়ে ইমেইলযোগে আৰক্ষীলৈ এই ভাবুকি প্ৰেৰণ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সাৱধানতা অৱলম্বন কৰি তেওঁৰ সমগ্ৰ বাসগৃহত তালাচী চলায় যদিও কোনো বিস্ফোৰক সামগ্ৰী নাপালে।

নতুন দিল্লী, বেংগালুৰু, চেন্নাই আদি ডাঙৰ চহৰত স্কুল, চেলিব্ৰিটি, বিশিষ্ট ব্যক্তিৰ ঘৰত বোমা বিস্ফোৰণৰ ভাবুকি সাধাৰণ হৈ পৰিছে। শুকুৰবাৰে চেন্নাইৰ এষ্টেট আৰক্ষী থানাত এটা ইমেইল আহিছিল যে মাইলাপুৰ অঞ্চলত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত বোমা স্থাপন কৰা হৈছে। লগে লগে তেওঁৰ বাসগৃহত উপস্থিত হয় জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে বোমা নিষ্কাশন বিশেষজ্ঞ আৰু স্নিফাৰ ডগ। আৰক্ষীয়ে তেওঁৰ সমগ্ৰ বাসগৃহত পুংখানুপুংখ তালাচী চলায় যদিও একো নাপালে।

ভিআইপি নিৰাপত্তাৰ নিয়ম অনুসৰি বিষয়াসকলে তেওঁৰ বৰ্তমানৰ প’ছ গাৰ্ডেনৰ বাসগৃহতো উপস্থিত হয় যদিও তেওঁৰ এপাৰ্টমেণ্টত তলা লগোৱা আছিল। সেয়ে অনুসন্ধান কৰিব পৰা নগ’ল। চাৰিওফালৰ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত আৰক্ষী বিষয়াসকলে ইয়াক প্ৰেংক বুলি ধৰি লৈ উভতি আহিল। এই ভাবুকিপূৰ্ণ ইমেইলৰ উৎসৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আৰক্ষীৰ মতে, তেওঁ মাইলাপুৰৰ ঘৰ খালী কৰিছে। প্ৰায় এবছৰৰ আগতেও তেওঁ একেধৰণৰ ভাবুকি পাইছিল। বৰ্তমান তেওঁ চেন্নাইৰ প্ৰাইম প’জ গাৰ্ডেন এলেকাৰ এটা ভাড়াঘৰত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande