ৰাষ্ট্ৰীয় নমুনা জৰীপৰ ৰচনা প্ৰতিযোগিতা, সজাগতা কাৰ্যসূচীৰ আয়োজন
গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (ক্ষেত্ৰ পৰিচালনা বিভাগ), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীয়ে নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সহযোগত শুকুৰবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় নমুনা জৰীপ (এন এছ এছ)ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ৰচনা প্ৰতিযোগিতা
राष्ट्रीय नमूना सर्वेक्षण का निबंध प्रतियोगिता,  जागरूकता कार्यक्रम की तस्वीर।


গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (ক্ষেত্ৰ পৰিচালনা বিভাগ), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীয়ে নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সহযোগত শুকুৰবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় নমুনা জৰীপ (এন এছ এছ)ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ৰচনা প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।

কাৰ্যসূচীত সঞ্চালক এন মোহনদাস সিঙে ৰাষ্ট্ৰ নিৰ্মাণ, নীতি নিৰ্ধাৰণ, আৰু তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এন এছ এছৰ ভূমিকাক আলোকপাত কৰে। নেৰিমৰ সঞ্চালিকা অধ্যাপিকা সংগীতা ত্ৰিপাঠীয়ে ছাত্ৰ-ছাত্ৰীসকলক জৰীপৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।

বৃহৎ পৰিসৰৰ জৰীপক শিক্ষা দিয়াৰ প্ৰত্যাহ্বান শীৰ্ষক ৰচনা প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়, আৰু বিজয়ীসকলে পদক আৰু প্ৰমাণপত্ৰ লাভ কৰিব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande