ছত্তীশগড়ত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ২১০০ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছেঃ অমিত শ্বাহ
–যোৱা দুদিনত মুঠ ২৫৮ জন বাওঁপন্থী উগ্ৰপন্থীৰ হিংসাৰ পথ ত্য়াগ জগদলপুৰ, ১৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কয় যে ছত্তীশগড়ত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ২১০০ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰ উপৰিও প্ৰায় ২০
केंद्रिय गृहमंत्री अमित शाह ने सोशल मीडिया एक्स


–যোৱা দুদিনত মুঠ ২৫৮ জন বাওঁপন্থী উগ্ৰপন্থীৰ হিংসাৰ পথ ত্য়াগ

জগদলপুৰ, ১৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কয় যে ছত্তীশগড়ত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ২১০০ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰ উপৰিও প্ৰায় ২০০০ নক্সালবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ৫০০ জনক নিষ্ক্ৰিয় কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে আজি ছ’চিয়েল মিডিয়াত লিখিছে যে ২০২৪ চনৰ জানুৱাৰী মাহত ছত্তীশগড়ত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ২১০০ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰাৰ বিপৰীতে ১,৭৮৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৪৭৭ জনক নিষ্ক্ৰিয় কৰা হৈছে। ইয়াৰ দ্বাৰা ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদ নিৰ্মূল কৰাৰ আমাৰ দৃঢ়তাক প্ৰতিফলিত কৰা হৈছে। তেওঁ লগতে কয় যে বৃহস্পতিবাৰে ছত্তীশগড়ত ১৭০ জন নক্সালীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰ এদিন পূৰ্বে ২৭ জন নক্সালবাদীয়ে অস্ত্ৰ ত্য়াগ কৰিছিল। মহাৰাষ্ট্ৰতো ৬১ জন নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল। তেওঁ উল্লেখ কৰে যে বিগত দুদিনত মুঠ ২৫৮ জন বাওঁপন্থী উগ্ৰপন্থীয়ে হিংসাৰ পথ পৰিত্যাগ কৰিছে। নক্সালবাদৰ বিৰুদ্ধে যুঁজত এয়া এক বৃহৎ সফলতা।

শ্বাহে এক্সত লিখিছে, হিংসা ত্যাগ কৰি ভাৰতীয় সংবিধানৰ প্ৰতি তেওঁলোকৰ বিশ্বাস পুনৰ ঘূৰাই অনাৰ বাবে এই সকলো ব্যক্তিক মই প্ৰশংসা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰৰ অদম্য প্ৰচেষ্টাৰ ফলস্বৰূপে নক্সালবাদে শেষ উশাহ লৈছে। নক্সালবাদীৰ বিৰুদ্ধে আমাৰ নীতি স্পষ্ট: যিসকলে আত্মসমৰ্পণ কৰিব বিচাৰে তেওঁলোকক আদৰণি জনোৱা হৈছে, কিন্তু যিসকলে অস্ত্ৰ লৈ থাকিব তেওঁলোকে আমাৰ নিৰাপত্তা বাহিনীৰ কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

তেওঁ লগতে কয় যে সকলো নক্সালবাদীৰ প্ৰতি মোৰ আবেদন হৈছে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়া চাইট এক্সত উল্লেখ কৰিছে যে দেশত এতিয়া নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা ১৮ৰ পৰা ১১খনলৈ হ্ৰাস পাইছে। তদুপৰি আটাইতকৈ বেছি আক্ৰান্ত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছে। এতিয়া কেৱল ছত্তীশগড়ৰ বিজাপুৰ, সুকমা আৰু নাৰায়ণপুৰহে এনে জিলা হিচাপে বাকী আছে।”

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande