প্ৰশাসনিক দিশত সম্পূৰ্ণ শূণ্যতাৰ দিশে তেজপুৰ বিশ্ববিদ্যালয়
শোণিতপুৰ, ১৬ অক্টোবৰ (হি.স.)। প্ৰশাসনিক শূণ্য়তাৰ সংকটৰ সন্মুখীন হৈছে তেজপুৰ বিশ্ববিদ্যালয় ৷ সংকট মোচনৰ বাবে পুনৰ আজি শিক্ষক গোট আৰু কৰ্মচাৰী সকলে একগোট হৈ সংকট মোচনৰ সভা অনুষ্ঠিত কৰে ৷ বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সভাত ৷ বৰ্তমান বিশ্ববিদ্যাল
প্ৰশাসনিক দিশত সম্পূৰ্ণ শূণ্যতাৰ দিশে তেজপুৰ বিশ্ববিদ্যালয়


শোণিতপুৰ, ১৬ অক্টোবৰ (হি.স.)। প্ৰশাসনিক শূণ্য়তাৰ সংকটৰ সন্মুখীন হৈছে তেজপুৰ বিশ্ববিদ্যালয় ৷ সংকট মোচনৰ বাবে পুনৰ আজি শিক্ষক গোট আৰু কৰ্মচাৰী সকলে একগোট হৈ সংকট মোচনৰ সভা অনুষ্ঠিত কৰে ৷ বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সভাত ৷ বৰ্তমান বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পদৰ পৰা আনুষ্ঠানিক ভাৱে প্ৰীতম দেৱে অব্যাহতি লৈছে ৷ ইফালে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে এই পৰ্যন্ত আনুষ্ঠানিক ভাৱে পদত্যাগ কৰা নাই ৷ উপাচাৰ্য্যৰ দায়িত্ব বহন কৰি আছে ৰাজা ৰফিউল হকে ৷

ৰফিউল হকে দায়িত্ব লাভ কৰিছিল ২৪ ছেপ্টেম্বৰ তাৰিখে ৷ কিন্তু পঞ্জীয়ক প্ৰীতম দেৱৰ এইগৰাকী ৰফিউল হকে নীতি বহিৰ্ভুত ভাৱে পদত্যাগ পত্ৰ গ্ৰহণ কৰি কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে ৷ তাৰ পিছতে চন্দন গোস্বামীক দিয়া হয় পঞ্জীয়কৰ দায়িত্ব৷ ইফালে দায়িত্বত থকা উপাচাৰ্য ৰফিউল হকে পদত্যাগ কৰা বুলি প্ৰচাৰ চলিছে যদিও বৰ্তমানলৈ একো আনুষ্ঠানিক পত্ৰ পোৱা নাই বিশ্ববিদ্যালয় কতৃপক্ষই ৷ একেদৰে ডীন অভিযান্ত্ৰিক পদৰ পৰা শংকৰ ডেকাই পদত্যাগ কৰা বূলি ঘোষণা কৰিলেও এতিয়াও এই পদত্যাগৰ কোনো আনুষ্ঠানিকতা হোৱা নাই৷ এতিয়া বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দিশটো সম্পুৰ্ণ শূণ্য হৈ পৰিছে৷ এই বিষয়ৰ উপশম কিদৰে হ’ব সেই বিষয়লৈ ইতিমধ্যে আচাৰ্যলৈ এক পত্ৰ প্ৰেৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ইতিমধ্যে যোৱা কালি উপস্থিত হোৱা তদন্তকাৰী দলক সকলো নথি পত্ৰ যোগান ধৰে বিশ্ববিদ্যালয়ৰ এই সকল শিক্ষক কৰ্মচাৰীয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande