অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে পাৰ্থত উপস্থিত টিম ইণ্ডিয়া
পাৰ্থ, ১৬ অক্টোবৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে পাৰ্থত উপস্থিত হৈছে ভাৰতীয় দল। ভাৰতীয় এদিনীয়া দলৰ মূল খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰু নতুন অধিনায়ক শুভমন গিল বৃহস্পতিবাৰে পুৱা অষ্ট্ৰেলিয়াৰ পাৰ্থত উপস্থিত হয়। ১৯ অক্
एयरपोर्ट पर टीम इंडिया के खिलाड़ी


পাৰ্থ, ১৬ অক্টোবৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে পাৰ্থত উপস্থিত হৈছে ভাৰতীয় দল। ভাৰতীয় এদিনীয়া দলৰ মূল খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰু নতুন অধিনায়ক শুভমন গিল বৃহস্পতিবাৰে পুৱা অষ্ট্ৰেলিয়াৰ পাৰ্থত উপস্থিত হয়। ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা।

কোহলী, ৰোহিত, আৰু গিলৰ উপৰিও কে এল ৰাহুল, যশস্বী জয়ছোৱাল, আৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু নীতিশ কুমাৰ ৰেড্ডীও দলটোৰ সৈতে পাৰ্থত উপস্থিত হয়। বিমানখনৰ পলম হোৱাৰ বাবে দলটো পাৰ্থত পলমকৈ উপস্থিত হয়। কিছুমান সহায়ক কৰ্মচাৰীয়েও তেওঁলোকৰ লগত গৈছিল।

বুধবাৰে সন্ধিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ অন্যান্য সদস্যই দিল্লীৰ পৰা ৰাওনা হয় আৰু দিনটোৰ পিছত দলত যোগদান কৰিব।

শৃংখলাৰ প্ৰথমখন মেচ ১৯ অক্টোবৰত পাৰ্থত অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২৩ অক্টোবৰত এডিলেইডত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব, আৰু ২৫ অক্টোবৰত ছিডনীত তৃতীয় তথা অন্তিমখন এদিনীয়া অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ পিছত ২৯ অক্টোবৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াই পাঁচখন মেচৰ টি-২০ শৃংখলা খেলিব।

এই ছিৰিজখনক লৈ বিশেষভাৱে উত্তেজনা সৃষ্টি হৈছে কিয়নো মাৰ্চ মাহত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত এইখন হ’ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলা। শ্বুবমান গিলক এদিনীয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগে লগে দুয়োজন জ্যেষ্ঠ খেলুৱৈৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইতিমধ্যে ৰোহিত আৰু কোহলীয়ে টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে দুয়োজনেই খেলিবলৈ ইচ্ছুক বুলি ধাৰণা কৰা হৈছে।

কেপ্তেইন শুভমন গিলেও এই ধাৰণাটোৰ সমৰ্থনত মাত মাতিছে। তেওঁ কয়, এই দুজন খেলুৱৈৰ যি অভিজ্ঞতা আছে আৰু ভাৰতৰ জয়ত তেওঁলোকে যি অৱদান আগবঢ়াইছে—অতি কম সংখ্যক খেলুৱৈৰহে এনে দক্ষতা, গুণগত মান আৰু অভিজ্ঞতা আছে। বিশ্বত এনে খেলুৱৈ অতি কম।

শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ সময়ত গিলে ইংগিত দিছিল যে ২০২৭ চনৰ বিশ্বকাপলৈকে ৰোহিত আৰু কোহলী দলৰ অংশ হৈ থাকিব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande