গহপুৰত কাছ নিধন কৰি আটক ২
বন বিভাগে কৰায়ত্ব কৰিলে দুজনক:পলাতক ৩ জন।
গহপুৰত কাছ নিধন কৰি আটক ২


বিশ্বনাথ, ১৬ অক্টোবৰ (হি.স.): আইনগত ভাবে নিষিদ্ধ থকাৰ পাছতো কাছ নিধন কৰাৰ অভিযোগত বনবিভাগে কৰায়ত্ব কৰিছে গহপুৰ ডুবিয়া ২ নং কুমাৰ কটা গাঁৱৰ দুজন লোকক । প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ কাছটো কাটি থকা অৱস্থাতে হাতে লোতে দুয়োকে কৰায়ত্ত কৰা হয়।

উল্লেখ্য যে, গাওঁ খনৰ শক্তি বৰুৱা নামৰ লোকজনৰ ঘৰত চোৰাং কৈ অনা ২৫ কেজি ওজনৰ কাচটো খাবলৈ কাটি থকা অৱস্থাত যোৱাকালি বুধবাৰে নিশা উপস্থিত হয় গহপুৰৰ বন বিভাগ আৰু আৰক্ষীৰ দল । আৰক্ষী আৰু বন বিভাগৰ অভিযানত কাছ মাংস সহ কৰায়ত্ব হয় শক্তি বৰুৱা আৰু মিটু বৰুৱা নামৰ লোক দুজন । আনহাতে ,পলায়ন কৰিবলৈ সক্ষম হয় অবিনাশ ৰাজখোৱা, বুবু গগৈ আৰু জুতি নাথ নামৰ আন কেইজন লোক । ইতিমধ্যে , গহপুৰৰ বন বিভাগে তদন্ত আৰম্ভ কৰাৰ লগতে অধিক তথ্যৰ বাবে আটকাধীন দুয়োকে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande