ষ্টক মাৰ্কেট গ্ৰীণ মাৰ্কত মুকলি, চেন্সেক্সে ৪১৯ পইণ্ট উত্থান
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন বৃহস্পতিবাৰে সেউজীয়া ৰঙেৰে মুকলি হয় শ্বেয়াৰ বজাৰ। আৰম্ভণিৰ ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৪১৯.২৮ পইণ্ট বা ০.৫১ শতাংশ জপিয়াই ৮৩,০২৪.৭১ পইণ্টত ব্যৱসায় কৰে। নেশ্যনেল ষ্টক
शेयर बाजार के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন বৃহস্পতিবাৰে সেউজীয়া ৰঙেৰে মুকলি হয় শ্বেয়াৰ বজাৰ। আৰম্ভণিৰ ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৪১৯.২৮ পইণ্ট বা ০.৫১ শতাংশ জপিয়াই ৮৩,০২৪.৭১ পইণ্টত ব্যৱসায় কৰে। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ১০৫.১০ পইণ্ট বা ০.৪২ শতাংশ বৃদ্ধি পাই ২৫,৪২৮.৬৫ পইণ্টত ব্যৱসায় কৰে। আজি বজাৰ মুকলি হোৱাৰ লগে লগে সকলো ডাঙৰ সূচকাংকই সেউজীয়া ৰূপত ব্যৱসায় কৰিছিল, যাৰ ফলত বিনিয়োগকাৰীয়ে সকাহ পাইছিল।

এমাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিফ্টিয়ে ২৫,৪০০ অতিক্ৰম–

১৯ ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে এন এছ ই নিফটিয়ে ২৫,৪০০ স্তৰ অতিক্ৰম কৰিছে। আজি পুৱা ৯:২৬ বজালৈকে বি এছ ই চেন্সেক্সৰ ব্যৱসায় আৰম্ভ হৈছে ৮২,৯৬৯.৪৫ ত, যিটো ৩৬৪ পইণ্ট বা ০.৪৪ শতাংশ বৃদ্ধি। নিফটিৰ শ্বেয়াৰো ২৫,৪২৬.৪০ত ব্যৱসায় আৰম্ভ হয়, যিটো ১০২ পইণ্ট বা ০.৪১ শতাংশ বৃদ্ধি পাইছে ।

আদানী গ্ৰুপৰ শ্বেয়াৰ বৃদ্ধি, এনডিটিভিও বৃদ্ধি

আজিৰ আৰম্ভণিৰ ব্যৱসায়ত আদানী গ্ৰুপৰ বেছিভাগ ষ্টকেই সেউজীয়া অৱস্থাত আছিল। আদানী এণ্টাৰপ্ৰাইজে ১.৬৩ শতাংশ বৃদ্ধি পাই ২৫৭৪ ₹ হোৱাৰ বিপৰীতে আদানি গ্ৰীণ এনাৰ্জীৰ ১.৮ শতাংশ বৃদ্ধি পাই ১০৬৩ ₹ হয়। আদানী টোটেল গেছ ১.২০ শতাংশ বৃদ্ধি পাই ৬২৬.৪৫ ₹ হয়। আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক মণ্ডল ১.৫৯ শতাংশ জপিয়াই ১,৪৭৩.৭০ ₹ হয়। আদানী এনাৰ্জি ছলিউচনৰো ১.৪৬% বৃদ্ধি পাই ৯৫৮ টকা হয়, আনহাতে এনডিটিভিৰ শ্বেয়াৰ ১.০৭% বৃদ্ধি পায়।

শীৰ্ষ চেন্সেক্স গেইনাৰ আৰু লুজাৰ

আজি চেন্সেক্সত এক্সিছ বেংক, আদানি প’ৰ্টছ, টাইটান, কোটক বেংক, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, বিইএল, টাটা মটৰ্ছ, এনটিপিচি, আৰু এইচচিএল টেকে ডাঙৰ ডাঙৰ লাভ কৰা সকলৰ ভিতৰত অন্যতম। ইফালে ইনফ’ছিছ, টেক মহিন্দ্ৰা, টিচিএছ, টাটা ষ্টীল, আৰু ছান ফাৰ্মাত হ্ৰাস পাইছে।

এদিন পূৰ্বে দুয়োটা ডাঙৰ শ্বেয়াৰ বজাৰ সূচকাংকই লাভৰ সৈতে বন্ধ হৈছিল। চেন্সেক্সৰ শ্বেয়াৰ ৫৭৫ পইণ্ট বৃদ্ধি পাই ৮২,৬৫০ পইণ্টত বন্ধ হোৱাৰ বিপৰীতে নিফটিয়ে ১৭৮ পইণ্ট বৃদ্ধি পাই ২৫,৩২৪ পইণ্টত বন্ধ হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande