বিশ্বনাথ, ১৬ অক্টোবৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগৰ পাছত ন্যায় বিচাৰি হাহাকাৰ কৰিবলগা হৈছে অসমৰ ৰাইজ ৷ ন্যায় যেন সুদুৰ প্ৰসাৰত ৷ তথাপিও ৰাইজে ন্যায়ৰ পক্ষত আকোৰগোঁজ ৷ ইতিমধ্যে পাছজনকৈ লোকক অভিযুক্ত কৰি আটক কৰিছে ৷ ইফালে জুবিনদাৰ বিয়োগৰ পাছতে সমান্তৰালভাবে চলি আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে ৰাইজে ন্যায় বিচাৰি প্ৰতিবাদ ৷ বিশ্বনাথৰ ঘিলাধাৰী চাহ বাগিছাতো আজি উদযাপন কৰা হয় মহান কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
ঘিলাধাৰী চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৷ আনহাতে অকালতে প্ৰাণ হেৰুৱা বিদ্যালয়খনৰ ছাত্ৰ শিৱম পানতাঁতিলৈও শ্ৰদ্ধা্ঞ্জলি জনাই ছাত্ৰ-ছাত্ৰী তথা উপস্থিত ৰাইজে ৷ ইফালে জনপ্ৰিয় কণ্ঠশিল্পী শ্যাম কুমাৰ নাগে মুৰৰ চুলি মুণ্ডণ কৰি জুবিনদাৰ প্ৰতি সন্মান জনোৱাৰ লগতে ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবেদকক জানিব দি কণ্ঠশিল্পী গৰাকীয়ে কয় যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আপোন কৰি আগবঢ়া জুবিনদাৰ প্ৰতি মোৰ এয়া মোৰ মৰম , শ্ৰদ্ধা ভক্তি আৰু ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদ বুলিও উল্লেখ কৰে ৷ আনহাতে বিশিষ্ট সমাজকৰ্মী জয়ন্ত বৰা অনুষ্ঠানটোত উপস্থিত থাকি জুবিনদাৰ নামত গছপুলি ৰোপণ কৰে ৷
ৰাইজলৈ বুলি গছপুলিও বিতৰণ কৰে বৰাই ৷ বক্তব্য জুবিনদাৰ প্ৰতি ন্যায় প্ৰদান কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে জুবিনদাৰ আদৰ্শত সকলোকে আগবাঢ়ি যোৱাৰ মত প্ৰকাশ কৰে ৷ উক্ত অনুষ্ঠানত ঘিলাধাৰী চাহ বাগিছাৰ হেম গগৈ , কণ্ঠশিল্পী নৰেন পানতাঁতি , ভাৰতীয় বায়ুসেনা বাহিনীৰ জোৱান পংকজ নাগ, চাহ বাগিছাখনৰ কৰ্মচাৰী প্ৰতীম পানতাঁতিকে প্ৰমুখ্য কৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰে কণ্ঠশিল্পী শ্যাম কুমাৰ নাগে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ