গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। প্ৰয়াত অসমীয়া শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা জনসাধাৰণৰ মাজত ৰাজনৈতিক আৱেগ তীব্ৰতৰ হৈ পৰিছে। শুকুৰবাৰে সোণাপুৰত জুবিনৰ স্মৃতিসৌধত তেওঁক শ্ৰদ্ধাঞ্জলি জনাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
ৰাজনৈতিক মহলত ৰাহুল গান্ধীৰ এই ভ্ৰমণক জনসাধাৰণৰ সৈতে সংযোগ স্থাপন আৰু ৰাজ্যত কংগ্ৰেছৰ সক্ৰিয় উপস্থিতি প্ৰদৰ্শনৰ প্ৰয়াস হিচাপে দেখা গৈছে। দলীয় সূত্ৰৰ মতে, অসমৰ সাম্প্ৰতিক পৰিস্থিতি, আইন-শৃংখলা, চৰকাৰৰ ভূমিকা সন্দৰ্ভতো মন্তব্য কৰিব পাৰে ৰাহুল গান্ধীয়ে।
ইফালে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতাজনৰ আগমনৰ পূৰ্বেই নিৰাপত্তা সংস্থাসমূহ সক্ৰিয় হৈ পৰিছে। স্মৃতিসৌধ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। স্থানীয় প্ৰশাসনেও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ আৰক্ষীৰ গধুৰ উপস্থিতি নিশ্চিত কৰিছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা জনসাধাৰণৰ আৱেগে অসমৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলাব পাৰে, আৰু ৰাহুল গান্ধীৰ এই ভ্ৰমণ সেই আৱেগিক পৰিবেশক সজ্জিত কৰাৰ কৌশলৰ অংশ হ’ব পাৰে।
প্ৰাপ্ত তথ্যমতে, অহা ১৭ অক্টোবৰত গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী। সেই দিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছে এক ন্যায় যাত্ৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছে আগন্তুক সময়ত আৰম্ভ কৰিব এই ন্যায় যাত্ৰা।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া