খাইৰুন নেছাৰ হত্যাকাৰী ফাচীৰ দাবীত সোনতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। কালি সংঘটিত কৰা হত্যাকাণ্ডৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত আজি সোনতলি আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে উত্তাল প্ৰতিবাদ ৷ উল্লেখ্য যে, ছমৰীয়া সমষ্টিৰ চৌধুৰীপাম গাঁৱৰ খালেক উদ্দিনৰ কণ্যা তথা সোনতলী আঞ্চলিক মহাবিদ্যালয়
খাইৰুন নেছাৰ হত্যাকাৰী ফাচীৰ দাবীত সোনতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ


কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। কালি সংঘটিত কৰা হত্যাকাণ্ডৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত আজি সোনতলি আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে উত্তাল প্ৰতিবাদ ৷

উল্লেখ্য যে, ছমৰীয়া সমষ্টিৰ চৌধুৰীপাম গাঁৱৰ খালেক উদ্দিনৰ কণ্যা তথা সোনতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী খাইৰুন নেছা নামৰ যুৱতী গৰাকীক শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষেত্ৰপাৰা চৰৰ গোলাম মোস্তফাৰ পুত্ৰ নুৰুল ইছলাম নামৰ পাষণ্ডই চোকা অস্ৰৰে দিন দুপৰতে হানিখুচি হত্যা কৰি পলায়ন কৰে ৷ সেই হত্যাকাৰী এই গৰাকী পাষণ্ড নুৰুল ইছলামক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে জোৰশিমুলী আৰক্ষী চকীত মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ পৰা এখন এজাহাৰ দাখিল কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande