এনএমডিচি ষ্টীলে হট ৰোল্ড ষ্টীলৰ বাবে লাভ কৰিছে বিআইএছ প্ৰমাণপত্ৰ
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। অত্যাধুনিক সংহত তীখা উদ্যোগ এনএমডিচি ষ্টীল লিমিটেডে এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। ই ভাৰতৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছে যিয়ে গৰম (হট) ৰোল কৰা ষ্টীলৰ ষ্ট্ৰিপ, শ্বীট, আৰু প্লেটৰ বাবে ইণ্ডিয়ান ষ্টেণ্ডাৰ
आईएस प्रमाणन पुरस्‍कार प्राप्‍त करते एनएसएल का जारी फोटो


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। অত্যাধুনিক সংহত তীখা উদ্যোগ এনএমডিচি ষ্টীল লিমিটেডে এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। ই ভাৰতৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছে যিয়ে গৰম (হট) ৰোল কৰা ষ্টীলৰ ষ্ট্ৰিপ, শ্বীট, আৰু প্লেটৰ বাবে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (আই এছ) অনুজ্ঞাপত্ৰ লাভ কৰিছে।

তীখা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে ৰায়পুৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব মান দিৱস ২০২৫ উদযাপনৰ সময়ত ভাৰতীয় মান ব্যুৰো (বিআইএছ)য়ে এই প্ৰমাণপত্ৰ প্ৰদান কৰে। এনএমডিচি ষ্টীলৰ মুখ্য মহাপ্ৰবন্ধক (ষ্টীল) অমৃত নাৰায়ণে এই বঁটা গ্ৰহণ কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইৰ পৰা। অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী দয়াল দাস বাঘেল আৰু বি আই এছ ৰায়পুৰৰ সঞ্চালক তথা মুৰব্বী এছ কে গুপ্তা উপস্থিত থাকে।

মন্ত্ৰালয়ে কয় যে আই এছ ১৮৩৮৪:২০২৩ প্ৰমাণপত্ৰই পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উদ্যোগত পাইপলাইন পৰিবহণ ব্যৱস্থাৰ বাবে ডিজাইন কৰা তীখা সামগ্ৰীৰ উৎকৃষ্টতাৰ বাবে এক গুৰুত্বপূৰ্ণ মানদণ্ড নিৰ্ধাৰণ কৰে। ইয়াৰ দ্বাৰা এনএমডিচি ষ্টীলৰ প্ৰযুক্তিগত উন্নতি, উৎকৃষ্ট পণ্যৰ মান আৰু বহনক্ষম উৎপাদন পদ্ধতিৰ প্ৰতি মনোনিৱেশ কৰা পদ্ধতি প্ৰতিফলিত হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande