পাটনা, ১৬ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এনডিএ)ৰ দলসমূহে এই পৰ্যন্ত বিহাৰ বিধানসভা নিৰ্বাচনৰ ১৮২ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। তাৰ ভিতৰত এজনো মুছলমান প্ৰাৰ্থী নাই। এতিয়ালৈকে ঘোষণা কৰা প্ৰাৰ্থীসকলে স্পষ্টভাৱে ইংগিত দিয়ে যে এন ডি এৰ দলসমূহে এতিয়া বিজেপিৰ পথ অনুসৰণ কৰিছে।
ভাৰতীয় জনতা পাৰ্টিৰ কোটাৰ পৰা ১০১ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে। বিজেপিৰ প্ৰথমখন তালিকাত ৭১জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। ইয়াৰ পিছতে বুধবাৰে বিজেপিয়ে ১২ জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰাৰ পিছত বুধবাৰে গভীৰ নিশা বাকী থাক ১৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। একেদৰে জেডিইউয়ে ৫৭জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে যদিও ইয়াৰ ভিতৰত এজনো মুছলমান প্ৰাৰ্থী নাই। ১৫খন আসনৰ বাবে এলজেপি-আৰে, ৬খন আসনৰ বাবে হাম আৰু চাৰিখন আসনৰ বাবে উপেন্দ্ৰ কুশৱাহা নেতৃত্বাধীন আৰএলএমৰ প্ৰাৰ্থী ঘোষণা কৰিছে। এই আসনসমূহৰ কোনো এখনতে সংখ্যালঘু প্ৰাৰ্থী দেখা পোৱা নাই।
বিজেপিৰ প্ৰাৰ্থী তালিকাত থকা ৰাজপুত, ভূমিহাৰ, ব্ৰাহ্মণ, বৈশ্য সম্প্ৰদায়ৰ ওপৰত ৰাজনৈতিক অংক কৰিছে। অধিকাংশ সমষ্টিতে সেই অঞ্চলত আধিপত্য সম্প্ৰদায়ৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বিপৰীতে যাদৱ সম্প্ৰদায়ৰ কেইবাজনো নেতাই এইবাৰ টিকট হেৰুৱাইছে। আনকি বিহাৰ বিধানসভাৰ অধ্যক্ষ নন্দ কিশোৰ যাদৱকো টিকটৰ পৰা বঞ্চিত কৰা হৈছিল। অৱশ্যে ইয়াৰ ক্ষতিপূৰণ দনাপুৰৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম কৃপাল যাদৱক দি টিকট দিয়া হয়।
বিজেপিৰ তালিকাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে যি অঞ্চলত সামাজিক আৰু আৰ্থিকভাৱে প্ৰভাৱশালী অঞ্চলত উচ্চবৰ্ণক দলটোৱে মুকলিকৈ টিকট দিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে বিজেপিৰ মতে নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উচ্চবৰ্ণৰ প্ৰাৰ্থীয়ে অতি পিছপৰা শ্ৰেণীৰ সমৰ্থন লাভ কৰিব পাৰে। এই শ্ৰেণীটোৱে ৰাজ্যখনৰ ভোটৰ অংশৰ প্ৰায় ৩৬ শতাংশ গঠন কৰে আৰু ইয়াক প্ৰায়ে নিৰৱ ভোটাৰ বুলি কোৱা হয়। যদিও মগধ অঞ্চলৰ চন্দ্ৰবংশী জনগোষ্ঠী ৰাজনৈতিকভাৱে কণ্ঠস্বৰ আৰু ইয়াৰ সক্ৰিয়তাৰ পৰা লাভৱান হৈছে, তথাপিও পিছপৰা শ্ৰেণীৰ ভিতৰত আগশাৰীৰ জাতিসমূহৰ সৈতে ইয়াৰ প্ৰভাৱ একে স্তৰত নহয়।
জেড(যু)ৰ তালিকা তুলনামূলকভাৱে মিশ্ৰিত যদিও দুয়োটা দলে যাদৱ প্ৰাৰ্থীক সীমিত সুযোগ দিছে। এতিয়ালৈকে এজনো মুছলমান নেতাক জেডি(ইউ)ৰ তালিকাত মনোনীত হোৱা নাই। আনকি মণ্ডল আয়োগৰ প্ৰতিষ্ঠাপক প্ৰয়াত বি পি মণ্ডলৰ নাতিকো টিকটৰ পৰা বঞ্চিত কৰা হৈছে। অতি পিছপৰা শ্ৰেণীৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কৌশল প্ৰথমে নীতিশ কুমাৰে গ্ৰহণ কৰিছিল। পিছত এয়া ২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে গ্ৰহণ কৰিছিল, আৰু যোগী আদিত্যনাথে ২০২২ চনত ব্যাপক জয়ৰে এই সূত্ৰ পুনৰাবৃত্তি কৰিছিল। যেতিয়া দুয়োটা দলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাব, তেতিয়া এন ডি এয়ে এইবাৰ এইবাৰ নিৰ্বাচনী জোৱাৰক কোন দিশে লৈ যোৱাপ পৰিকল্পনা কৰিছে স্পষ্ট হৈ পৰিব।
উত্তৰ প্ৰদেশ আৰু বিহাৰ দুয়োখন দেশতে নিৰ্বাচনী জয়ৰ মূল ভেটি হৈ আহিছে অতি পিছপৰা শ্ৰেণী (ইবিচি)। এই শ্ৰেণীটোৱে ২০০৫ চনৰ নিৰ্বাচনৰ পৰাই নীতিশ কুমাৰৰ সৈতে শক্তিশালীভাৱে জড়িত হৈ আছে। শ শ জাতি এই শ্ৰেণীৰ অন্তৰ্গত, কিন্তু কাৰ্পুৰী ঠাকুৰৰ মৃত্যুৰ পিছত এই শ্ৰেণীৰ কোনো ৰাজ্যিক পৰ্যায়ৰ নেতাৰ উত্থান হোৱা নাই। নব্বৈৰ দশকত লালু প্ৰসাদ যাদৱে এই সম্প্ৰদায়ৰ কোনো ডাঙৰ নেতাৰ উত্থান হ’বলৈ নিদিলে, নীতিশ কুমাৰেও একে পথ অনুকৰণ কৰি কাকো আগবাঢ়ি যাবলৈ নিদিলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া