কুৰ্ণুলত উপস্থিত প্ৰধানমন্ত্ৰী, শ্ৰীশৈলামত ভগৱান মল্লিকাৰ্জুনৰ পূজা অৰ্চনা
শ্ৰীশৈলাম, ১৬ অক্টোবৰ (হি স) । অন্ধ্ৰ প্ৰদেশৰ দিনজোৰা ভ্ৰমণসূচীৰে আজি পুৱা কুৰ্ণুলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে শ্ৰীশৈলাম মন্দিৰ পৰিদৰ্শন কৰি ভ্ৰমৰম্বা আৰু মল্লিকাৰ্জুনৰ প্ৰাৰ্থনা কৰে। পুৱা ১১ বজাত কুৰ্ণুল বিম
मोदी


শ্ৰীশৈলাম, ১৬ অক্টোবৰ (হি স) । অন্ধ্ৰ প্ৰদেশৰ দিনজোৰা ভ্ৰমণসূচীৰে আজি পুৱা কুৰ্ণুলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে শ্ৰীশৈলাম মন্দিৰ পৰিদৰ্শন কৰি ভ্ৰমৰম্বা আৰু মল্লিকাৰ্জুনৰ প্ৰাৰ্থনা কৰে।

পুৱা ১১ বজাত কুৰ্ণুল বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনায় ৰাজ্যপাল নাজিৰ, মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে। ইয়াৰ পাছতে মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু আৰু উপ-মুখ্যমন্ত্রী পৱন কল্যাণৰ সৈতে প্রধানমন্ত্রী মোদীয়ে এখন সামৰিক হেলিকপ্টাৰেৰে শ্রীশৈলামত উপস্থিত হয়৷ তেওঁ শ্ৰীশৈলাম ভ্ৰমৰম্বা অতিথিশালা পৰিদৰ্শন কৰি অলপ জিৰণি লোৱাৰ অন্তত শ্ৰীভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত মল্লিকাৰ্জুন স্বামীক বিশেষ প্ৰাৰ্থনা কৰে। পুৰোহিত আৰু মন্দিৰৰ বিষয়াসকলে তেওঁক আনুষ্ঠানিকভাৱে মন্দিৰত আদৰণি জনায়। মোদীয়ে পঞ্চমৃতৰ সৈতে ভগৱান মল্লিকাৰ্জুনৰ ৰুদ্ৰাভিষেক সম্পন্ন কৰে।

পূজাৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱজী প্ৰেৰণা কেন্দ্ৰ পৰিদৰ্শন কৰিব।

নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কুৰ্ণুললৈ যাত্ৰা কৰিব। তাত তেওঁ ১৩ হাজাৰ টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব। ইয়াৰ পিছতে মোদীয়ে এখন ৰাজহুৱা সভাত ভাষণ দিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande