খনি মন্ত্ৰালয়ৰ ৰাজ্যিক খনি প্ৰস্তুতি সূচকাংক আৰু ৰাজ্যিক ৰেংকিং প্ৰকাশ
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। খনি মন্ত্ৰালয়ে বৃহস্পতিবাৰে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি খনন খণ্ডত সংস্কাৰক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যিক খনি প্ৰস্তুতি সূচকাংক (এছএমআৰআই) আৰু ৰাজ্যিক ৰেংকিং প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ৰ
खनन मंत्रालय के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। খনি মন্ত্ৰালয়ে বৃহস্পতিবাৰে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি খনন খণ্ডত সংস্কাৰক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যিক খনি প্ৰস্তুতি সূচকাংক (এছএমআৰআই) আৰু ৰাজ্যিক ৰেংকিং প্ৰকাশ কৰে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ৰেংকিং ৰাজ্যসমূহৰ খনন খণ্ডত সংস্কাৰক উৎসাহিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই সূচকাংকত নিলামৰ প্ৰদৰ্শন, তৎকালীন খনিৰ কাৰ্য্যকলাপ, অন্বেষণৰ ওপৰত গুৰুত্ব দিয়া, আৰু অকয়লা খনিজৰ সৈতে জড়িত বহনক্ষম খননৰ দৰে সূচকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ খনন খণ্ডত এখন ৰাজ্যৰ প্ৰদৰ্শনক উজ্জ্বল কৰাৰ বাবে প্ৰাসংগিক।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি এছ এম আৰ আইৰ অধীনত ৰাজ্যসমূহক খনিজ মজুতৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে। ক শ্ৰেণীত মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু গুজৰাট শীৰ্ষ তিনিটা, খ শ্ৰেণীত গোৱা, উত্তৰ প্ৰদেশ, আৰু অসম শীৰ্ষ তিনিটা।গ শ্ৰেণীত পঞ্জাৱ, উত্তৰাখণ্ড, আৰু ত্ৰিপুৰা শীৰ্ষ তিনিটা স্থানত আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande