ইটানগৰ, ১৬ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ অন্তৰ্গত মনমাও অঞ্চলৰ হাটমান গাঁৱত এন এছ চি এন-কে ৱাই (এ) গোটৰ সন্দেহযুক্ত সশস্ত্ৰ উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ শিবিৰ (কম্পানী অপাৰেটিং বেছ, চি অ’ বি)ত আক্ৰমণ কৰে। এই ঘটনাত ৰাইফলমেন হৰিশৰণ আৰু ৰাইফলমেন ৰাহুল বৰা নামৰ দুজন জোৱান আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এক চৰকাৰী সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে পুৱতি নিশা ২:৩০ বজাৰ পৰা ৩:০০ বজাৰ ভিতৰত সংঘটিত হয় এই সন্ত্ৰাসবাদী আক্ৰমণ। সূত্ৰটোৱে জনোৱা মতে, আহত হৰিশৰণ আৰু ৰাহুল বৰাক উন্নত চিকিৎসাৰ বাবে আজি পুৱা ৮:২৪ বজাত অসমৰ যোৰহাটৰ ৫ নং বায়ুসেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিষয়াগৰাকীয়ে জনোৱা মতে, আক্ৰমণ সংঘটিত কৰা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে কম্বিং অভিযান আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ