নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। তিনিদিনীয়া ভাৰত ভ্ৰমণৰ প্ৰথম দিনাই বৃহস্পতিবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণী অমৰাসুৰিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ সন্মানীয় হিন্দু মহাবিদ্যালয়ত উপস্থিত হয়। মহাবিদ্যালয়খনৰ ইণ্ডিয়ান মিউজিক ছ’চাইটিয়ে আয়োজন কৰা এক অনুষ্ঠানত ছাত্র-ছাত্রী আৰু বিষয়াসকলে তেওঁক আদৰণি জনায় ৷ মহাবিদ্যালয়খনত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত তেওঁ নিজৰ অতীতৰ স্মৃতিবোৰৰ কথা মনত পেলাইছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈ হিন্দু মহাবিদ্যালয়ত অধ্যয়ন কৰি সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
ভাষণত প্ৰধানমন্ত্ৰী ড০ হৰিণী অমৰসুৰিয়াই কলেজীয়া দিন স্মৰণ কৰি আৱেগ প্ৰকাশ কৰে। তেওঁ ক'লে, ইয়ালৈ ঘূৰি আহি বৰ ভাল লাগিল। ইমান দিন হ'ল। নতুন ছাত্ৰ-ছাত্ৰীসকলক দেখি আশাৰ ভাব জাগ্ৰত হৈছে।
ছাত্ৰ দিনৰ স্মৃতিবোৰ শ্বেয়াৰ কৰি তেঁও কয়, যেতিয়া মই কলেজলৈ আহিছিলো, তেতিয়া মই সপোন, অনিশ্চয়তা, আশা, প্ৰশ্ন আৰু অলপ অস্থিৰতাৰ মিশ্ৰণেৰে ভৰি পৰিছিলো। আজি তিনি দশকৰ পাছত সেই একেখন সৰু গেট পাৰ হৈ মোৰ মনত এক দুখ আৰু প্ৰশংসাৰ অনুভৱ হ’ল।
তেওঁ কয় যে এসময়ত কিছু পৰিমাণে জৰাজীৰ্ণ অট্টালিকা থকা মহাবিদ্যালয়খন এতিয়া স্মাৰ্ট শ্ৰেণীকোঠা, উন্নত পৰীক্ষাগাৰ, সমৃদ্ধিশালী গৱেষণা কাৰ্যসূচীৰে এক সজীৱ প্ৰতিষ্ঠানত পৰিণত হৈছে। এই কথা ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ লগত খাপ খাই পৰিছে।
পি এম অমৰাসুৰিয়াক প্ৰাক্তন ছাত্ৰ হিচাপে হিন্দু কলেজে বিশেষ সন্মান প্ৰদান কৰি তেওঁৰ দীঘলীয়া শৈক্ষিক আৰু ৰাজনৈতিক যাত্ৰাক উজ্জ্বল কৰি তুলিছিল। তেওঁ কয় যে এই ভ্ৰমণৰ লক্ষ্য ভাৰত-শ্ৰীলংকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী আৰু বৰ্ধিত কৰা।
हिन्दुस्थान समाचार / অৰৱিন্দ