বাংগালুৰু, ১৬ অক্টোবৰ (হি.স.)। আঙুৰ টেঙা যথেষ্ট যুগ যুগ ধৰি চলি অহা প্ৰবাদ, কিন্তু কৰ্ণাটকৰ বাগালকোটে জিলাৰ মুধোল চহৰৰ ৰাজশেখৰ অংগড়ীৰ ক্ষেত্ৰত নহয়। আঙুৰৰ খেতিৰ প্ৰতি তেওঁৰ আগ্ৰহ, নিষ্ঠা আৰু দায়বদ্ধতাৰ বাবেই তেওঁ নিজকে এজন সমৃদ্ধিশালী, প্ৰগতিশীল আৰু যোগ্য কৃষকলৈ ৰূপান্তৰিত কৰিব সক্ষম হৈছে, আঙুৰ খেতিৰ জৰিয়তে তেওঁৰ কৃষি ভূমি দুই একৰৰ পৰা ৩০০ একৰলৈ বৃদ্ধি কৰিব সক্ষম হৈছে।
ৰাজশেখৰ অংগড়ী কৃষিৰ সৈতে জৰিত হব লগা বিষয়টো মাথোঁ এটা হঠাত হোৱা পৰিঘটনা আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত মল্লিকাৰ্জুন অংগাডিয়ে বেংকৰ চাকৰিত যোগদান কৰিবলৈ মাজভাগত গুচি যায় আৰু কৃষি পাম চলোৱাৰ দায়িত্ব ৰাজশেখৰ অংগড়ীলৈ বদলি হয়, যি তেতিয়া অভিযান্ত্ৰিক ডিগ্ৰীৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃ পেছাত আমোলা হ’লেও কৃষিৰ প্ৰতি অতি আগ্ৰহী আছিল। ৰাজশেখৰ অংগদী সমানেই উৎসাহী হোৱাৰ বাবে তেওঁ দুবিঘা মাটিত কাম কৰাৰ এটা ক্ষুদ্ৰ আৰম্ভণি কৰিলে, য’ত তেওঁৰ জেষ্ঠ ভাতৃ আঙুৰৰ খেতি কৰিছিল।
ৰাজশেখৰ অংগড়ীৰ বাবে আঙুৰৰ খেতি অতি সহজ নাছিল, কিয়নো এই শস্য অঞ্চলটোৰ বাবে নতুন আছিল আৰু নতুন খেতিয়ক সকলে পাৰ্শ্ববৰ্তী মহাৰাষ্ট্ৰৰ খেতিয়ক সকলৰ পদাংক অনুসৰণ কৰিছিল। বিজ্ঞানী আৰু বিশেষজ্ঞৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰাৰ বাহিৰেও তেওঁ আৰম্ভণিতে মাৰাঠী নাজানিও একাধিক বাৰ মহাৰাষ্ট্ৰলৈ যাবলগীয়া হৈছিল। কিন্তু কঠোৰ প্ৰচেষ্টাই চহকী লাভৰ ফল দিলে, যাৰ ফলত এক কল্পনাতীত সফলতাৰ পথৰ সূচনা হ’ল। পাৰিতোষিক মূল্যৰ সৈতে প্ৰচণ্ড উৎপাদনে তেওঁক নতুন শীখৰলৈ লৈ গ’ল।
সমসাময়িক আন খেতিয়ক সকলৰ দৰে ৰাজশেখৰ অংগদীয়ে শেষত খেতি(আঙুৰ)ৰ আয়ৰ পৰা লাভ কৰা ৰাজহ উপভোগ কৰা নাছিল। আনহাতে দুবিঘাৰ সৰু কৃষি ভুমি খণ্ড ক্ৰমান্বয়ে বৃদ্ধি কৰি ১০, ১৫...৩০০ একৰ পৰ্যন্ত হ’বলৈ ধৰিলে। আমোদজনক কথাটো হ’ল যে তেওঁৰ উদ্ভাৱনী পদ্ধতি, জ্ঞান আৰু প্ৰযুক্তিৰ বাবেই এই সকলো উন্নয়ন আৰু সম্প্ৰসাৰণ সম্ভৱ হৈছিল বুলি বগালকোটে জিলাৰ মহালিংগাপুৰ চহৰৰ সমীপৰ ৰান্না বেলাগলীৰ কৃষি স্নাতকোত্তৰ পৰা কৃষি পৰামৰ্শদাতালৈ পৰিণত হোৱা শিৱযোগী আৰ ব্যাকোডে উল্লেখ কৰে।
ৰাজশেখৰ অংগাদী কেৱল আৰু এজন কৃষক নহয়, যিয়ে নিজৰ পেছাত সফল নোহোৱাৰ বিভিন্ন কাৰণ আৰু দুখ-কষ্ট উত্থাপন কৰিব। তেওঁ প্ৰয়োজনীয়তাৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ, বাস্তৱসন্মত আৰু কামবোৰ যাতে হাতৰ বাহিৰলৈ নাযায় তাৰ বাবে অক্লান্তভাৱে কাম কৰে। তেওঁ আৰম্ভণিৰ পৰা উদ্যান শস্যৰ প্ৰতি আকৰ্ষিত হৈ আহিছে, আৰু বিগত ৩৫ বছৰ ধৰি কিছু সময়ৰ ভিতৰত চুপাৰি, হালধি, কুঁহিয়াৰ, সৰিয়হ, আৰু কটনৰ পুলি উতপাদন কৰিবলৈ প্ৰকল্প হাতত লৈছে।
১৯৯০ চনত আঙুৰৰ খেতিৰ পৰা আৰম্ভ কৰি দুটামান দশক ধৰি চলি থাকিল। একেখন পথাৰতে তেওঁৰ সফলতাই তেওঁ আঙুৰৰ খেতিৰ ক্ষেত্ৰখন ৫০ একৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম কৰি তুলিছিল। ইফালে আঙুৰৰ দামবোৰ হ্ৰাস পাবলৈ ধৰিলে, যাৰ বাবে তেওঁ আঙুৰ খেতি অব্যাহত ৰখাটোত এক অনিশ্চয়তা আহি পৰিছিল । আঙুৰৰ সৰ্বোচ্চ উৎপাদন আৰু বিপুল লাভৰ বাবেই তেওঁ ৩০০ একৰ ভূমি ক্ৰয় কৰিবলৈ সক্ষম হল। অন্যহাতে আঙুৰৰ খেতিৰ পৰা উপাৰ্জন হ্ৰাস পাবলৈ ধৰাত তেওঁ আঙুৰৰ খেতি এবাৰ চিৰদিনৰ বাবে এৰি দিয়াৰ সিদ্ধান্ত ল’লে।
ৰাজশেখৰ অংগদীয়ে ভূমি চহোৱাত শ্ৰমৰ দৰে সমস্যাৰ বিষয়ে জৰিত সাধাৰণ অভিযোগক আন বহুকেইটাৰ লগতে উলাই কৰে। তেওঁ উত্তৰত উল্লেখ কৰে যে কোনখন ক্ষেত্ৰ সমস্যা বিহীন,সমস্যাবোৰ সদায় থাকিব, কিন্তু সফল হ’বলৈ হ’লে সেইবোৰৰ সৈতে সহাবস্থান কৰাতকৈ ওলাই অহাৰ পথ বিচাৰি উলিয়াব লাগিব। আজি ৰাজশেখৰ অংগদীয়ে ১৫০ একৰ মাটিত চুপাৰি, ৪০ একৰত পুলিৰ বাবে বিটি কপাহ, ২৫ একৰত হালধি, ৪০ একৰ মাটিত কুঁহিয়াৰ আৰু ১২ একৰ মাটিত সৰিয়হৰ খেতি কৰি আছে। পদ্ধতিগতভাৱে শস্য খেতি কৰাত তেওঁ আদৰ্শ হৈ পৰিছে, আৰু একে সময়তে, সকলোবোৰেই সমৃদ্ধিৰ বাবে কাৰ্য্যক্ষম কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ