কলকাতা, ১৬ অক্টোবৰ (হি স)। পশ্চিম বংগৰ ৭৮টা বিধানসভা সমষ্টিত নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’)ক শীঘ্ৰে সলনি কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। আয়োগে লক্ষ্য কৰিছে যে এই বিষয়াসকলক ইচিআইৰ প্ৰতিষ্ঠিত মাপকাঠী উলংঘা কৰি নিযুক্তি দিয়া হৈছিল।
এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য’ত ইচিআইৰ প্ৰতিষ্ঠিত মানদণ্ড পূৰণ কৰা বিষয়াৰ নাম প্ৰস্তাৱ কৰিবলৈ কোৱা হৈছে। আয়োগৰ মতে, পশ্চিম বংগ অসামৰিক সেৱা (কাৰ্যবাহী) কেডাৰৰ বিষয়া, যেনে মহকুমাধিপতি, মহকুমা বিষয়া (এছ ডি অ’), আৰু গ্ৰাম্য উন্নয়ন বিষয়াকহে ই আৰ অ’ হিচাপে নিযুক্তি দিব পাৰিব।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এক সূত্ৰই জনোৱা মতে, আয়োগে এই ৭৮টা সমষ্টিত নিৰ্ধাৰিত পদবীৰ তলৰ বিষয়া নিযুক্তি দিয়া বুলি ধৰা পেলাইছে। সেয়েহে ই আৰ অ’ সলনি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
সূত্ৰ অনুসৰি আয়োগে ৰাজ্যৰ ২৯৪টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে ই আৰ অ’ৰ স্তৰ পৰীক্ষা কৰি আছে। আন কেইবাটাও ক্ষেত্ৰতো একেধৰণৰ অমিলৰ খবৰ পোৱা গৈছে, য’ত প্ৰতিস্থাপনৰ আদেশো জাৰি কৰা হ’ব।
যোৱা সপ্তাহত ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা সুবেন্দু অধিকাৰীয়ে ই আৰ অ’ নিযুক্তিৰ অভিযোগত হোৱা অনিয়মৰ প্ৰতি নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আয়োগৰ গাইডলাইনৰ তলৰ বিষয়াক ই আৰ অ’ হিচাপে নিযুক্তি দিয়াৰ অভিযোগো উত্থাপন কৰে।
ইয়াৰ পিছতে ইচিআইয়ে চিইঅ’ৰ কাৰ্যালয়লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰে যে কোনো কাৰণতে ইচিআইয়ে নিৰ্ধাৰণ কৰা মানদণ্ডৰ সৈতে আপোচ কৰা উচিত নহয়, বিশেষকৈ বুথ লেভেল অফিচাৰ (বিএলঅ’) আৰু ইআৰঅ’ নিযুক্তিৰ ক্ষেত্ৰত।
আয়োগে জিলা দণ্ডাধীশ, যিসকল জিলা নিৰ্বাচন বিষয়া আৰু অতিৰিক্ত জিলা দণ্ডাধীশ (নিৰ্বাচন)ক এই সপ্তাহৰ ভিতৰত মেপিং আৰু মেচিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছতে ৰাজ্যত বিশেষ পুনৰীক্ষণৰ বাবে এক অধিসূচনা জাৰি কৰা হ’ব।
মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই যোৱা সপ্তাহত স্পষ্ট কৰি দিছিল যে ২০২২ চনৰ বিশেষ পুনৰীক্ষণৰ সময়ত যিসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল তেওঁলোকক স্বয়ংক্ৰিয়ভাৱে বৈধ ভোটাৰ হিচাপে গণ্য কৰা হ’ব।
কিন্তু ২০২২ চনৰ তালিকাত নাম নথকাসকলে নাগৰিকত্বৰ প্ৰমাণ হিচাপে আয়োগৰ অনুমোদন জনোৱা নথি দাখিল কৰিব লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া