মানকাচৰত আৰক্ষী ৰ অভিযানত হেৰই'ন সহ আটক ড্ৰাগছ সৰবৰাহকাৰী
মানকাচৰ, ১৬ অক্টোবৰ (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত জিলা আৰক্ষী চলোৱা এক অভিযানত মানকাচৰৰ কালাপানীত ৩৫ গ্ৰাম হেৰই''ন সহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী জনক নুৰ জামাল বুলি চিনাক্ত কৰা হৈছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প
মানকাচৰত আৰক্ষী ৰ অভিযানত হেৰই'ন সহ আটক ড্ৰাগছ সৰবৰাহকাৰী


মানকাচৰ, ১৬ অক্টোবৰ (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত জিলা আৰক্ষী চলোৱা এক অভিযানত মানকাচৰৰ কালাপানীত ৩৫ গ্ৰাম হেৰই'ন সহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী জনক নুৰ জামাল বুলি চিনাক্ত কৰা হৈছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত কালাপানী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক কৰায়ত্ব কৰি হেৰই'ন খিনি জব্দ কৰে।

এখন ই– ৰিক্সাৰে হেৰই'ন খিনি বিক্ৰীৰ বাবে আনিছিল বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। ধৃত সৰবৰাহকাৰী জনক কালাপানী আৰক্ষী চকী অঞ্চলৰ পিপুলবাৰী দ্বিতীয় খণ্ড গাঁৱৰ মুক্তাৰ আলীৰ পুত্ৰ নুৰ জামাল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী থানাত বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী জনক জেৰা চলাই থকা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande