গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিজয়ী এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীক সম্বৰ্ধনা
গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ৰাজ্যিক কাৰ্য্যালয়ত আজি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিজয়ী এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীসকলক ছাত্ৰ সংগঠনটোৱে উষ্ম সম্বৰ্ধনা জনায়। এ বি ভি পিৰ বৰঠাক
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিজয়ী এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীক সম্বৰ্ধনা


গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ৰাজ্যিক কাৰ্য্যালয়ত আজি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বিজয়ী এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীসকলক ছাত্ৰ সংগঠনটোৱে উষ্ম সম্বৰ্ধনা জনায়। এ বি ভি পিৰ বৰঠাকুৰ মিলস্থিত ৰাজ্যিক কাৰ্য্যালয়ত ৰাজ্যিক সম্পাদক হেৰল্ড মহনে এক সংবাদমেলত নৱ নিৰ্বাচিত প্ৰাৰ্থী সকলক সংবাদমাধ্যমৰ আগত পৰিচয় কৰায় দিয়াৰ লগতে মত বিনিময় কৰে।

উল্লেখ্য যে ১০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত এ বি ভি পিয়ে সাধাৰণ সম্পাদক পদৰ লগতে মুঠ ৮ টাকৈ পদত জয়যুক্ত হৈ বৃহৎ জয় লাভ কৰিছিল আৰু ইয়াৰ পিছত এইবাৰ ২০২৫ চনত ছাত্ৰ সংগঠনটোৱে সভাপতি, সাধাৰণ সম্পাদককে ধি ৭ টাকৈ এবিভিপি সমৰ্থিত প্ৰাৰ্থী বিজয়ি কৰি আনিবলৈ সক্ষম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থী গুঞ্জন ডেকাই ৭৫৫ টা ভোটৰ ব্যৱধানত সভাপতি পদত বিজয়ী হোৱাৰ লগতে, ২০৯ টা ভোটৰ ব্যৱধানত সাধাৰণ সম্পাদকৰ পদত বিজয়ী হৈছে এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থী প্ৰৱাল জ্যোতি শৰ্মা। থিক তেনেদৰে সংগীত সম্পাদিকা প্ৰীতিমল্লীকা খনিকৰে ৪৩০ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। ক্ৰীড়া স্পাদক ( পি জি) পদত আয়ুস গৌতমে ৯৮৫ টা ভোটেৰে জয়ী হয়। ক্ৰীড়া সম্পাদক ( ইউ জি) পদত ভূয়াখি বৰুৱাই ১৪৯ টা ভোটৰ ব্যৱধানত জয়ী হয়।শৰীৰচৰ্চা সম্পাদক পূৰ্বা বৰগোহাঞিয়ে ২৫২৫ ভোটৰ ব্যৱধানত প্ৰচণ্ড জয় লাভ কৰে।

এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ এই বিজয়ৰ পিছত ৰাজ্যিক সম্পাদক হেৰল্ড মহনে আজি কয় যে দিল্লী বিশ্ববিদ্যালয়, জি এন ইউ, হাইদৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, পঞ্জাৱ বিশ্ববিদ্যালয়ৰ দৰে অসমৰ জেন জি ও ৰাষ্ট্ৰবাদৰ সৈতে থিয় হৈ আছে। ছাত্ৰ যুৱকক উত্তেজিত কৰি দেশত বিশৃংখলতাৰ সৃষ্টি কৰি ক্ষমতা দখলৰ সপোন দেখা কংগ্ৰেছ আৰু এন এছ ইউ আই সম্পূৰ্ণৰূপে উতখাত হৈছে। সমগ্ৰ অসমৰ ছাত্ৰ সমাজে আজি এই সংগঠনটোৰ প্ৰকৃত চৰিত্ৰ জানিবলৈ সক্ষম হৈছে। গোৱালপাৰা কলেজত এন এছ ইউ আইৰ দ্বাৰা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাই সমগ্ৰ অসমক কঁপাই তুলিছিল। এনে শক্তিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যোগ্য প্ৰত্যুত্তৰ দিয়ে।

হেৰল্ড মহনে লগতে কয় যে বিগত বছৰত ১৮ মাৰ্চত চি এ এ বিৰোধী প্ৰতিবাদৰ নামত মা কামাখ্যা আৰু লাচিত বৰফুকনৰ ছবি জ্বলাই অসমীয়া সংস্কৃতিৰ অপমান কৰা শক্তিকো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ উচিত উত্তৰ দিয়ে। বিদ্যাৰ্থী পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউ পি ছাত্ৰ ছাত্ৰীৰ ভোটাধিকাৰৰ বাবে দিঘলীয়া সংগ্ৰাম চলাই আহিছিল, যাৰ ফলস্বৰূপ প্ৰথমবাৰৰ বাবে ইউ জিৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ লাভ কৰে বুলিও তেওঁ উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande