ছয়গাঁও ৰাস মহোৎসৱৰ বিষ্ণু মন্দিৰ প্ৰাঙ্গণত লাইখুটা স্থাপন
কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। ৰাস মহোৎসৱত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ
ছয়গাঁও ৰাস মহোৎসৱৰ বিষ্ণু মন্দিৰ প্ৰাঙ্গণত লাইখুটা স্থাপন


কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। ৰাস মহোৎসৱত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ্ঠিত হয়। দক্ষিণ কামৰূপৰ ছয়গাঁৱতো প্ৰতি বছৰে ৰাস অনুষ্ঠিত কৰি অহা হৈছে। নৱম তম্ বৰ্ষত পদাৰ্পণ কৰা ছয়গাঁৱৰ গিৰি গোৱৰ্ধন ৰাস মহোৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়।

ছয়গাঁৱৰ শ্ৰী শ্ৰী গিৰি গোৱৰ্ধন বিষ্ণু মন্দিৰত ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে এক মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে বিষ্ণু মন্দিৰ প্ৰাঙ্গণত লাইখুটা স্থাপন কৰা হয় । লাইখুটা স্থাপন কৰে দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সম্পাদক মৃন্ময় বড়োয়ে ৷ ইয়াৰ পিছতে ৰাস মহোৎসৱ সম্পৰ্কে বিজেপিৰ নেতা গৰাকীয়ে ৰাইজক উদ্যেশ্যি ভাষণ প্ৰদান কৰে । উল্লেখ্য যে অহা ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে চলিব এই ৰাস মহোৎস ।

উল্লেখ্য যে ৰাস মহোৎসৱ হৈছে এটা উদযাপন যাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন কাহিনী উদযাপন কৰা হয়, বিশেষকৈ তেওঁৰ ৰাসলীলাৰ। এই উৎসৱটো অসম, বিশেষকৈ মাজুলী, নলবাৰী, হাউলী আৰু পলাশবাৰীৰ দৰে স্থানসমূহত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই সময়ত, বিভিন্ন সত্ৰসমূহত শ্ৰীকৃষ্ণৰ বন্দনা কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande