ৰহাৰ ফুলগুৰিত ঐতিহাসিক ”ফুলগুৰি ধেৱা“ৰ ব্যাপক প্ৰস্তুতি
নগাও, ১৬ অক্টোবৰ (হি.স.)। ৰহাৰ ফুলগুৰিত ঐতিহাসিক ”ফুলগুৰি ধেৱা“ৰ ব্যাপক প্ৰস্তুতি৷ বৃটিছ শাসনৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা৷ ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৰাইজ মেলৰ জৰিয়তে ইংৰাজৰ শোষণ নিষ্পেষণৰ বি
ৰহাৰ ফুলগুৰিত ঐতিহাসিক ”ফুলগুৰি ধেৱা“ৰ ব্যাপক প্ৰস্তুতি


নগাও, ১৬ অক্টোবৰ (হি.স.)। ৰহাৰ ফুলগুৰিত ঐতিহাসিক ”ফুলগুৰি ধেৱা“ৰ ব্যাপক প্ৰস্তুতি৷ বৃটিছ শাসনৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা৷ ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৰাইজ মেলৰ জৰিয়তে ইংৰাজৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ বহু কৃষকে বৃটিছৰ গুলীত প্ৰাণাহুতি দিছিল৷ বহু কাললৈ ঘূনীয়া হৈছিল৷ অত্যাচাৰী ইংৰাজে বহু চহা কৃষকক কলীয়াপানীলৈ পঠিয়ালে৷ ইংৰাজৰ বিৰুদ্ধে নগাঁৱৰ চহা কৃষকৰ এই বিদ্ৰোহক ’ফুলগুৰি ধেৱা’ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত হৈ ইতিহাসৰ পাতত জিলিকি ৰ’ল৷

এই ফুলধেৱাৰ স্মৃতি তথা চহা কৃষকৰ আত্মবলিদানক সুঁৱৰি প্ৰতি বছৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়ে ১৮অক্টোবৰত ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে৷ এইবাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিয়ে ১৬৪সংখ্যক এই দিৱসটি অহা ১৮ আৰু ১৯ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীয়ে উদযাপনৰ আয়োজন কৰা হৈছে৷ এই সম্পৰ্কত শুক্ৰবাৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি কাৰ্যসূচী সদৰি কৰে৷

সেইমতে শনিবাৰে পূৱা পতাকা উত্তোলন, স্মৃতিসৌধত বন্তি প্ৰজ্বলন, ফুলগুৰি ধেৱাৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা, মুকলি সভা আদি অনুষ্ঠিত হ’ব৷ দেওবাৰে ফুলগুৰি ধেৱাৰ অন্য এক স্মৃতি মানুহ পোৰা বিলৰ পাৰতো বন্তি প্ৰজ্বলন কৰাৰ লগতে সভাও অনুষ্ঠিত কৰা হ’ব৷ ইপিনে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত ফুলগুৰি ধেৱা সম্পৰ্কত অসমীয়া আৰু ইংৰাজী ভাষাত দুখন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰা বুলি সংবাদমেলত জানিব দিয়ে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande