নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক ডিজিটেল ভাউচাৰ প্ৰদান কৰি দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ত বিনামূলীয়াকৈ প্ৰচাৰ চলাবলৈ সুবিধা প্ৰদান কৰিছে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই ভাউচাৰসমূহ ৰাজনৈতিক দলসমূহক আই টি প্লেটফৰ্মৰ জৰিয়তে বিতৰণ কৰা হৈছে, যিটো তেওঁলোকে নিজৰ প্ৰচাৰ কাৰ্যসূচীত ব্যৱহাৰ কৰিব পাৰে। এই অনুষ্ঠানসমূহ টিভি আৰু ৰেডিঅ’ দুয়োটাতে প্ৰচাৰিত হ’ব। নিৰ্বাচন আয়োগে উল্লেখ কৰে যে কোনটো দলৰ প্ৰচাৰ কোন দিনত সম্প্ৰচাৰ হ’ব সেই সন্দৰ্ভত লটাৰী ব্যৱস্থাৰ জৰিয়তে সিদ্ধান্ত লোৱা হ’ব। বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সকলো দলৰ প্ৰতিনিধিৰ উপস্থিতিত এই লটাৰী লোৱা হ’ব। প্রতিটো দলে প্রথম অৱস্থাত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ত ৪৫ মিনিটৰ বিনামূলীয়া প্ৰচাৰৰ সময় লাভ কৰিব। ইয়াৰ উপৰিও যোৱা বিধানসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা দলসমূহক অতিৰিক্ত সময় দিয়া হ’ব।
দলসমূহে নিজৰ কাৰ্যসূচীৰ ৰেকৰ্ডিং আৰু চিত্ৰনাট্য নিৰ্বাচন আয়োগক আগতীয়াকৈ জমা দিব লাগিব। এই ৰেকৰ্ডিং হয় প্ৰসাৰ ভাৰতীৰ নিৰ্দিষ্ট ষ্টুডিঅ’ত নহয় দূৰদৰ্শন বা অল ইণ্ডিয়া ৰেডিঅ’ ষ্টেচনত হ’ব পাৰে। ৰেকৰ্ডিংসমূহ কাৰিকৰী নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। প্ৰসাৰ ভাৰতীয়ে দুটাকৈ পেনেল আলোচনা বা বিতৰ্কৰো আয়োজন কৰিব, য’ত প্ৰতিটো দলে এজনকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰিব। নিৰ্বাচন আয়োগে উল্লেখ কৰে যে এই পদক্ষেপে সকলো দলকে সমান সুযোগ প্ৰদান কৰাৰ লগতে জনসাধাৰণক নিৰ্বাচনৰ স্পষ্ট তথ্য প্ৰদান কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ