ধুবুৰী, ১৬ অক্টোবৰ (হি.স.)। আজি বিলাসীপাৰাত অনুষ্ঠিত হয় বিশাল মেগা হেল্থ কেম্প। বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মেগা হেল্থ কেম্প।
স্বাস্থ্য বিভাগে বিলাসীপাৰাত সমষ্টি ভিত্তিত আয়োজন কৰা বিশাল মেগা হেল্থ কেম্পত প্ৰায় ১৭ গৰাকী বিশেষজ্ঞ চিকিৎসক আৰু ১৬ গৰাকী সাধাৰণ চিকিৎসকৰ উপস্থিতিত প্ৰায় ৮ হাজাৰ শিশু, কিশোৰী- কিশোৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। ৫৯ টা কাউন্টাৰত আজি দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হব এই মেগা হেল্থ কেম্প।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ