গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অসমত এতিয়ালৈকে সৰ্ববৃহৎ ডিজিটেল প্ৰতিবাদ চলি আছে। তেওঁৰ মৃত্যুৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবীত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে প্ৰতিবাদ।
ছ’চিয়েল মিডিয়াত #JusticeForZubeenGarg হেচটেগ ব্যৱহাৰ কৰি শিল্পীগৰাকীৰ অনুৰাগীসকলে অহৰহ ন্যায় বিচাৰিছে। এতিয়ালৈকে প্ৰায় ১২ লাখ লোকে এই হেচটেগৰ জৰিয়তে ন্যায় বিচাৰিছে। ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে আৰম্ভ হৈছিল ডিজিটেল প্ৰতিবাদ, কিন্তু যোৱা দুদিনত আৰু অধিক গতি লাভ কৰিছে।
জুবিনৰ পত্নী গৰিমা গাৰ্গে সোণাপুৰ স্মৃতিসৌধত উপস্থিত হৈ ছচিয়েল মিডিয়াত #JusticeForZubeen পোষ্ট কৰি সকলোকে ন্যায়ৰ বাবে আবেদন জনায়। গৰিমাৰ এই আহ্বানৰ পিছতে জুবিনৰ অনুৰাগীৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে।
ইফালে, অসমৰ ৰাইজৰ বাৰে বাৰে অভিযোগৰ পাছত বুধবাৰে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে নিজৰ ফেচবুক একাউণ্টটো সাময়িকভাৱে নিষ্ক্ৰিয় কৰি পেলায়। বিগত কিছুদিন ধৰি জুবিন গাৰ্গৰ অনুৰাগীয়ে প্ৰধানমন্ত্ৰীৰ ফেচবুক পোষ্টত #JusticeForZubeen লিখি ন্যায় বিচাৰিছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী