মেলবৰ্ণ, ১৬ অক্টোবৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ চাৰিবাৰৰ অলিম্পিকত স্বৰ্ণ পদক বিজয়ী সাঁতোৰবিদ এৰিয়ান টিটমাছে ২৫ বছৰ বয়সত প্ৰতিযোগিতামূলক সাঁতোৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। বুধবাৰে টিটমাছে নিজৰ সিদ্ধান্ত ৰাজহুৱা কৰি তেওঁৰ বিখ্যাত কেৰিয়াৰৰ অন্ত পেলায়—এই কেৰিয়াৰত তেওঁ আমেৰিকাৰ তাৰকা কেটি লেডেকীৰ সৈতে ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতা গঢ়ি তুলিছিল।
টিটমাছে ৮টা অলিম্পিক পদক আৰু ৪টা বিশ্ব খিতাপ অৰ্জন কৰিছে। তেওঁৰ এই সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ বাবে আচৰিত, কিয়নো তেওঁ লছ এঞ্জেলছ ২০২৮ অলিম্পিকলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছিল।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত টিটমাছে কয় যে, এয়া আছিল অতি কঠিন সিদ্ধান্ত, কিন্তু মই ইয়াৰ সৈতে সুখী। মই সদায় সাঁতোৰ ভাল পাই আহিছো। এইটো মোৰ শৈশৱৰ সপোন আছিল। কিন্তু পুলৰ পৰা কিছু সময়ৰ পিছত মই উপলব্ধি কৰিলোঁ যে জীৱনত কিছুমান কথা আছে যিবোৰ মোৰ বাবে সাঁতোৰতকৈও অধিক গুৰুত্বপূৰ্ণ।
পেৰিছ অলিম্পিকৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেলত স্বৰ্ণ পদক লাভ কৰি টিটমাছে পুনৰবাৰ শিৰোনাম দখল কৰে। লেডেকি আৰু কানাডাৰ ছামাৰ মেকইনটছক পৰাস্ত কৰি তেওঁ নিজৰ খিতাপ বজাই ৰখাৰ বাবে ইয়াক ৰেচ অৱ দ্য চেঞ্চুৰী বুলি অভিহিত কৰা হৈছিল।
পেৰিছ অলিম্পিকৰ আঠ মাহৰ আগতে টিটমাছৰ অস্ত্ৰোপচাৰ কৰি ডিম্বাশয়ৰ পৰা এটা বিনাইন টিউমাৰ আঁতৰাই পেলোৱা হৈছিল। এই স্বাস্থ্যজনিত প্ৰত্যাহ্বানই তেওঁক সাঁতোৰৰ বাহিৰৰ জীৱনৰ গুৰুত্ব বুজিবলৈ সহায় কৰিছিল বুলিও তেওঁ ব্য়ক্ত কৰে। তেওঁ কয় যে এই স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহে তেওঁক সঁচাকৈয়ে কি আটাইতকৈ গুৰুত্বপূৰ্ণ সেই বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰাইছিল।’
২০০ মিটাৰ ফ্ৰীষ্টাইলত বিশ্ব অভিলেখ গঢ়ি অৱসৰ গ্ৰহণ কৰিছে এৰিয়ান টিটমাছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া