শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.): শিৱসাগৰ চহৰৰ সমীপৰ বানমুখ কাথপাৰৰ হিৰেন গগৈ নামৰ যুৱক জনৰ ৰাজস্থানত ৰহস্যজনক মৃত্যু হয়। পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ গৈছিল হিৰেন গগৈ । যোৱা ৮ অক্টোবৰত ৰাজস্থান অভিমুখে গৈছিল। হিৰেন গগৈৰ মৃত্যু ১২ অক্টোবৰত হোৱা বুলি পৰিয়ালে জানিবলৈ দিয়ে। হিৰেন গগৈক ৰমেন চুতীয়া নামৰ ব্যক্তিজনে পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ পঠোৱাৰ অভিযোগ উঠিছে।
ইফালে যুৱকজনৰ মাতৃৰ অভিযোগ অনুসৰি হিৰেন গগৈক হত্যা কৰা হৈছে। ৰমেন চুতীয়াৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলিছে পৰিয়ালৰ লোকসকলে। জয়পুৰৰ গণেশ নামৰ ব্যক্তিজনৰ বিৰুদ্ধেও অভিযোগ হিৰেন গগৈৰ মাতৃয়ে । হিৰেন গগৈই ফোনযোগে তেঁওক মাৰপিট কৰাৰ লগতে আৰু যে বাছি নাথাকে বুলি মাতৃক অৱগত কৰে । মাতৃৰ অভিযোগ ১২ অক্টোবৰত মৃত্যু হোৱাৰ পাছতো ৰমেন চুতীয়াই মাতৃক জনোৱা নাছিল। পৰিয়ালৰ সদস্যই ৰাজস্থানলৈ যোৱাৰ পাছতহে হিৰেন গগৈৰ মৃত্যুৰ খবৰৰ বিষয়ে মাতৃ অৱগত হয়। এজাহাৰত উল্লেখ কৰা অনুযায়ী ৰমেন চেতিয়াৰ আদেশতেই হিৰেন গগৈক হত্যা কৰাৰ অভিযোগ কৰে মাতৃয়ে।
ৰাজস্থানত কি পৰিবেশত হিৰেন গগৈয়ে মৃত্যুক আকোৱালী ল’ব লগা হল তাকলৈ এতিয়া শিৱসাগৰত চাঞ্চল্য সৃষ্টি হৈছে। সমগ্ৰ বিষয়টো উচিত তদন্ত বিচাৰিইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ