ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত উদ্ধাৰ হৈছে ৰক্তৰঞ্জিত তিনিটা মৃতদেহ
আগৰতলা, ১৬ অক্টোবৰ (হি.স.)। বাংলাদেশৰ সীমান্তৱৰ্তী ত্ৰিপুৰাৰ খোৱাই জিলাৰ অনন্তপাৰাৰ এখন ৰবৰ বাগিচাত ৰক্তৰঞ্জিত তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই আজি পুৱা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। বৃহস্পতিবাৰে পুৱা ৰবৰ বাগিচাখনৰ শ্ৰমিকসকলে এই ঘটনা প্ৰত্যক্
त्रिपुराः भारत-बांग्लादेश सीमावर्ती खोवाई जिले में रबर प्लांटेशन इलाके में बरामद तीन शव


আগৰতলা, ১৬ অক্টোবৰ (হি.স.)। বাংলাদেশৰ সীমান্তৱৰ্তী ত্ৰিপুৰাৰ খোৱাই জিলাৰ অনন্তপাৰাৰ এখন ৰবৰ বাগিচাত ৰক্তৰঞ্জিত তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই আজি পুৱা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। বৃহস্পতিবাৰে পুৱা ৰবৰ বাগিচাখনৰ শ্ৰমিকসকলে এই ঘটনা প্ৰত্যক্ষ কৰি আনকো খবৰ দিয়ে। খবৰটো বিয়পি পৰাৰ লগে লগে এক বৃহৎ জনসমাগম গোট খায়। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। মৃত লোকজন বাংলাদেশী সৰবৰাহকাৰী বা চোৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

অনুমান কৰা হৈছে যে যোৱা নিশা কোনোবাই ৰবৰ বাগিচাত তেওঁলোকক পাই মাৰপিট কৰি হত্যা কৰে। সম্প্ৰতি তদন্ত অব্যাহত আছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। খোৱাই জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। স্থানীয় ৰাইজে আশা কৰিছে যে আৰক্ষীৰ তদন্তত এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande