গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে জড়িত গোচৰৰ পাঁচজন অভিযুক্তক আজি ১৪ দিনৰ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে আদালতে। অভিযুক্ত সকলৰ ভিতৰত আছে নৰ্থ ইষ্ট মহোৎসৱৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ খুলশালীয়েক সন্দিপন গাৰ্গ, ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।
জ্যেষ্ঠ অধিবক্তা প্ৰদীপ কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমানলৈকে কোনো অভিযুক্তই জামিনৰ বাবে আৱেদন কৰা নাই। ইফালে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি আন তিনিজন অভিযুক্তক বাক্সা জিলাৰ মুছলপুৰ স্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
অধিবক্তা কোঁৱৰে লগতে উল্লেখ কৰে যে চিআইডি সঞ্চালকালয়ে বৰ্তমানো শ্যামকানু মহন্তৰ জিম্মা বিচৰা নাই। নিৰাপত্তাজনিত কাৰণত অভিযুক্তক ৰাজ্যৰ বাহিৰলৈ বদলি কৰাৰ সিদ্ধান্ত আদালতে তদন্তকাৰী সংস্থাৰ অনুৰোধত ল’ব।
সূত্ৰ অনুসৰি তদন্ত অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে আৰু উক্ত সময়ছোৱাত অভিযুক্তক অধিক সোধা-পোছা কৰা হ’ব।
हिन्दुस्थान समाचार / ৰমেন বৰ্মণ