গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। বুধবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চলি থকা তদন্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰাৰ সময়ত এছআইটিৰ মুৰব্বী তথা চিআইডিৰ এডিজিপি মুন্না প্ৰসাদ গুপ্তাই দাবী কৰে যে ছ’চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন “প্ৰকৃত নহয়”।
এছ আই টিৰ মুৰব্বী গৰাকীয়ে কয় যে উক্ত প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত চিকিৎসকৰ স্বাক্ষৰ নাই, গতিকে ই প্ৰকৃত নহয়। তেওঁ কয় যে আজি পাঁচজন অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিছে , আৰু নিৰ্ধাৰিত আইন অনুসৰি সকলোকে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ’ব। ছিংগাপুৰৰ পৰা অহা ১১ জন অসমীয়া প্ৰবাসীৰ ভিতৰত ৯ জন ইতিমধ্যে উপস্থিত হৈ নিজৰ বক্তব্য লিপিবদ্ধ কৰিছে। এছ আই টিৰ মুৰব্বী গৰাকী আৰু কয় যে আজি যদি বাকী থকা প্ৰবাসী জন উপস্থিত হয় তেন্তে তেওঁৰ বক্তব্যও লিপিবদ্ধ কৰা হ’ব, ফলত এছ আই টিৰ সন্মখত উপস্থিত হোৱা মুঠ প্ৰবাসী ১০জন হ’ব।
তেওঁ কয় যে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই অহা ১৭ অক্টোবৰত আদালতত হাজিৰ হোৱাৰ কথা। ইফালে চিকিৎসা বিশেষজ্ঞৰ এটা দলে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়লৈ গৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজন অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰে। চি আই ডি চৌহদত কঠোৰ নিৰীক্ষণত এই পৰীক্ষাসমূহ চলি আছে।
অসমৰ দুই প্ৰবাসী সুস্মিতা গোস্বামী আৰু দেবজিৎ হাজৰিকাও চৰকাৰী ব্যৱস্থাৰ বাবে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। বৰ্তমানো তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / ৰমেন বৰ্মণ