যোৰহাট, ১৫ অক্টোবৰ (হি.স.): চলিত মাহৰ ১১ অক্টোবৰত গণ প্ৰহাৰৰ বলি হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কিশোৰৰ মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সমগ্ৰ যোৰহাট জিলা জোকাৰি গৈছে। ইতিমধ্যে আৰক্ষীয়ে তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও যোৱা কালি মঙ্গলবাৰে সন্ধিয়া যোৰহাট চকীহাট নামঘৰত গাঁৱৰ ৰাইজ মিলিত হৈ এখন গাঁওসভা অনুষ্ঠিত কৰে য'ত গাঁওখনৰ শতাধিক লোক উপস্থিত থাকে। সভাৰ পৰাই ৰাইজে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাই।
ইয়াৰ লগতে চকীহাট অঞ্চলৰ এখন দলঙত পুৰ্বৰে পৰা এদল উন্মত্ত যুৱকে মদ-ভাঙৰ বাহৰ পাতি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে গাঁৱৰ মানুহক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত সদৰ থানাত গাঁৱৰ ৰাইজে বহু স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ ভূমিকা শোচনীয় আছিল বুলি অভিযোগ কৰে। অন্যহাতে দুবাৰকৈ নামঘৰত চুৰি হোৱা, আবকাৰী বিভাগৰ দায়িত্বহীনতাৰ ওপৰত প্ৰশ্ন তুলি ক্ষোভিত হৈ পৰে। এই সভাৰ পৰাই গাঁওখনত গাঁওৰক্ষী বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তীসময়ত এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ ৰাইজ সষ্টম হোৱাৰ লগতে এনে ঘটনাৰ বাবে লজ্জিত অনুভৱ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ