পহিলা নৱেম্বৰত ৫০ হাজাৰ আহোম জনগোষ্ঠী লোকৰ উপস্থিতিৰে জোৰ সমদল বাহিৰ কৰাৰ হুংকাৰ
ডিব্ৰুগড়ত আহোমৰ কেইবাটাও সংগঠনৰ সংবাদ মেল।
পহিলা নৱেম্বৰত ৫০ হাজাৰ আহোম জনগোষ্ঠী লোকৰ উপস্থিতিৰে জোৰ সমদল বাহিৰ কৰাৰ হুংকাৰ


ডিব্ৰুগড়, ১৫ অক্টোবৰ (হি.স.): ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ পৰিছে ৰাজ্য়ৰ ৰাজনীতি। জনজাতিকৰণ বিচাৰি মৰাণ-মটক-চাহ জনগোষ্ঠীৰ পাছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰ কঁপাই তুলিবলৈ সাজু হৈছে আহোমৰ কেইবাটাও জাতীয় সংগঠন । সেই অনুসৰি অহা ১ নবেম্বৰত ৫০ হাজাৰ আহোম জনগোষ্ঠী লোকৰ উপস্থিতিৰে জোৰ সমদল বাহিৰ কৰাৰ হুংকাৰ দিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ।

উল্লেখ্য় যে যোৱা কালি মঙলবাৰে আবেলি ডিব্ৰুগড়স্থিত হোটেল ইন্দসুৰিয়াত অনুষ্ঠিত এক সংবাদ মেল যোগে মৰাণ-মটক-চাহ জনগোষ্ঠীৰ নেতাসকলে জনজাতিকৰণক লৈ জনগোষ্ঠী কেইটাই নিজৰ দাবী পুনৰ দোহাৰে। ইফালে জনজাতিকৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়োৱা আদিত্য খাকলাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে সংগঠন কেইটাৰ বিষয় ববীয়া সকলে ।

প্ৰণিধানযোগ্য় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হ'লে অসমৰ ছয় জনগোষ্ঠী ক্রমে- মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মর্যদা দিব বুলি বিজেপিয়ে অসমবাসীক নিৰ্বাচনী প্রতিশ্রুতি দিছিল । পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পিছত বিজেপি চৰকাৰৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ দিছপুৰতেই চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত আবদ্ধ হৈ থাকিল জনজাতিকৰণৰ বিষয়টো ।

উল্লেখ্য যে, জনজাতিকৰণ সন্দৰ্ভত চলিত বছৰৰ ১ মাৰ্চত ৰাজ্য চৰকাৰে দ্বিতীয়খন মন্ত্ৰীগোটৰ কমিটী গঠন কৰিছিল । মাৰ্চ মাহৰ ভিতৰতে এই মন্ত্ৰীগোটৰ কমিটীখনে তেওঁলোকৰ পৰামৰ্শৰ সৈতে প্রতিবেদন দাখিল কৰাৰ কথা আছিল যদিও সেই প্রতিবেদনখন কেন্দ্রলৈ প্ৰেৰণ নকৰিলে ৷ সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীযে ২০১৯ চনত গৃহ বিভাগৰ নিৰ্দেশমতে ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ কমিটীখনে দিয়া পৰামৰ্শৰ বিষয়ে উল্লেখ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande