ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত।
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত


হাইলাকান্দি, ১৫ অক্টোবৰ (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত আছে । যোৱা কালি মঙলবাৰে নিশা অভিযানত জব্দ ২.৭২ গ্ৰাম হেৰ'ইন সহ আটক হয় দুই ড্ৰাগছ পেডেলাৰ। আটক হোৱা দুজন ক্ৰমে আব্দুল জলিল লস্কৰ আৰু জয়নাল ইছলাম বৰভুইয়া বুলি পৰিচয় পোৱা গৈছে ।

প্ৰাপ্ত তথ্য়মতে, হাইলাকান্দি ৰে’ল ষ্টেশনত ড্ৰাগছ বিক্ৰি কৰিবলৈ আহিছিল এই দুই ড্ৰাগছ পেডেলাৰ । আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ পাই বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ এই হাতে লোতে আটক কৰে। এই দুই পেডেলাৰৰ পৰা এটা ক’লা বেগত ১০০ৰ অধিক ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে জব্দ কৰিছে দুটা মবাইল আৰু নগদ ১৪০০ টকা। ধৃত দুই ড্ৰাগছ পেডেলাৰক আজি আদালতলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande