জুবিন গাৰ্গক আদালতে সঠিক ন্যায় দিব - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
বঙাইগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
জুবিন গাৰ্গক আদালতে সঠিক ন্যায় দিব - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা


বঙাইগাঁও, ১৫ অক্টোবৰ (হি.স.): প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুকলৈ সকলো ৰাইজ আশংকাত আছে। বিষয়টোক লৈ এছআইটি গঠন কৰা হৈছে। এছআইটিয়ে নিৰ্ধাৰিত সময়ত তদন্ত কৰি তথ্য আদালতত জমা দিব আৰু আদালতে সঠিক ন্যায় দিব বুলি আশাবাদী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। কালি বিয়লি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত বিভিন্ন কাৰ্ৰসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনে মন্তব্য দাঙি ধৰে।

মন্ত্ৰীজনে কয় যে আইন-আদালত এটা নিয়মৰ মাজেৰে পৰিচালিত হয়। চিংগাপুৰৰ প্ৰবাসী অসমীয়া সকলৰ প্ৰায়ভাগেই ইতিমধ্যে এছআইটিৰ সন্মুখত উপস্থিত হৈছে আৰু বাকী সকলো নিশ্চিত ভাৱে উপস্থিত হ'ব। আদালতে অসমৰ ৰাইজে বিচৰা মতে ৰায় দিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। জুবিন গাৰ্গৰ অকাল মৃত্যু অসমৰ জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি। তেওঁৰ ঘনিষ্ঠ হিচাপে আমি তেওঁৰ অভাৱ অনুভৱ কৰো। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত অসমৰ ৰাইজে ন্যায় বিচাৰিছে। সেয়েহে অসম চৰকাৰে এছআইটি গঠন কৰি সঠিক তথ্য আদালতত জমা দিব আৰু আদালতে সঠিক ন্যায় দিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande