গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাস্থিত কালী মন্দিৰত তিনিদিনীয়াকৈ কালীপূজাৰ আয়োজন
গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাস্থিত কালী মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব কালীপূজা ।
গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাস্থিত কালী মন্দিৰত তিনিদিনীয়াকৈ কালীপূজাৰ আয়োজন


বিশ্বনাথ, ১৫ অক্টোবৰ (হি.স.): সমাগত কালী পূজা । এশ বছৰ গৰকা বিশ্বনাথ জিলাৰ গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাস্থিত কালী মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব কালীপূজা । ছাগলী, হাঁহ আদি বলি দিয়া হয় এই কালীপূজাত ।

উল্লেখ্য় যে ব্ৰিটিছৰ শাসনৰ পৰাই পৰম্পৰাগত ভাৱে চলি আহিছে নয়া ঘগৰাৰ কালী পূজা। এইবাৰ পূজাত সদ্য প্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰো ব্যৱস্থা ৰাখিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।

কালী-পূজা বা শ্যামা-পূজা হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়। এইদিনা ভাৰতৰ আন অঞ্চলত লক্ষ্মীপূজা আৰু দেৱালী অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদ্‌যাপন হোৱা দেখা যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande