কাৰ্বি আংগং, ১৫ অক্টোবৰ (হি.স.): বৃহত্তৰ খেৰণি অঞ্চলৰ পৰা এডি আৰ ই পৰীক্ষাত সাফল্য অর্জন কৰা অসম আৰক্ষী বিভাগত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা কালি সন্ধিয়া পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ তৰফৰ পৰা নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
অসম আৰক্ষীত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ঘৰে ঘৰে উপস্থিত হৈ পশ্চিম কাৰ্বি আংলং জিলা বিজেপি তৰফৰ পৰা প্ৰতি গৰাকী প্ৰাৰ্থীৰ লগতে অভিভাৱক সকলক সম্বৰ্ধনা জ্ঞাপণ কৰা পৰিলক্ষিত হয়। উক্ত সম্বৰ্ধনা কাৰ্য্যসূচীত পশ্চিম কাৰ্বি আংলং জিলা বিজেপি বিষয় ববীয়া ক্ৰমে সূজিৎ সূৰংছা, ধন চিং ডেৰা, বুদ্বেশ্বৰ ৰংপি ক্ৰমে মহিলা নেত্ৰী ৰহিলা ক্ৰ'পি উপস্থিত থাকে ৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলে সফলতা অৰ্জন কৰা প্ৰতি গৰাকী প্ৰাৰ্থীৰ লগতে অভিভাৱক সকলে অসম চৰকাৰৰ অনুষ্ঠিত কৰা এডি আৰ ই পৰীক্ষা সৎ আৰু নিকাহ ভাৱে নিযুক্তি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ