শ্ৰীৰামপুৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক
শ্ৰীৰামপুৰত কেইজন যুবকে আটক কৰিল এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক।
শ্ৰীৰামপুৰত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক


কোকৰাঝাৰ, ১৫ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত কেইজন যুৱকে আটক কৰিল এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী জনৰ নাম ছাহিদূল দিৱান বুলি জানিব পৰা গৈছে আৰু তেওঁৰ ঘৰ ১ নম্বৰ ভোমৰাবিলত। দীৰ্ঘদিন ধৰি লোকজনে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ আছিল ।

ইয়াৰ মাজতে যোৱা কালি মঙলবাৰে নিশা শ্ৰীৰামপুৰত ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ অহা ছাহিদুলক স্থানীয় কেইজন যুৱকে হাতে লোটে আটক কৰে।ছাহিদুলক আটক কৰি শিমূলটাপু আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ১৮ টা ড্ৰাগছৰ কন্টেইনাৰ, এটা মোবাইল জব্দ কৰে। ইফালে আটকাধীন ছাহিদুলৰ সৈতে জড়িত ময়নাল নামৰ ড্ৰাগছ ব্যৱসায়ী এজনে পলায়ন কৰে।

শিমূলটাপু আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ছাহিদুল দিৱানৰ পৰা নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰি শিমূলটাপু আৰক্ষী চকীত লৈ যায়। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande