বৰপেটা, ১৫ অক্টোবৰ (হি.স.): বৰপেটাৰ পালহাজীত কৰায়ত্ত হৈছে এটা ড্ৰাগছ ব্য়ৱসায়ী। লগতে উদ্ধাৰ কৰা হৈছে ড্ৰাগছ। যোৱাকালি মঙলবাৰে সন্ধিয়া ৰাইজে আটক কৰিলে ড্ৰাগছ ব্যৱসায়ী এটাক। ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৭ টা ড্ৰাগছৰ কন্টেইনাৰ, এটি মোবাইল জব্দ কৰে পালহাজীৰ নাইটাপাৰা ৰাইজে।আটকাধীন যুৱকজনৰ নাম ৰহম আলী বুলি জানিব পৰা গৈছে।
ইফালে ৰহম আলীৰ সৈতে থকা আন তিনিজনে পলায়ণ কৰিবলৈ সক্ষম হয়। ইয়াৰে দুজনৰ নাম মহিবুল খান আৰু মহিবুল আলী বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে পালহাজীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাহিদুলৰ পৰা এই ড্ৰাগছখিনি কিনি অনাৰ পিছত ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৰহমক। পৰৱৰ্তী সময়ত ৰাইজে বৰপেটা আৰক্ষীক ড্ৰাগছসহ গতাই দিয়ে আটকাধীন ৰহম আলীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ