জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ চাকৰি ত্যাগ লক্ষিমপুৰৰ এজন চিকিৎসকৰ
জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ চাকৰি ত্যাগ কৰিলে লখিমপুৰৰ এজন চিকিৎস্যকে।
জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ চাকৰি ত্যাগ লক্ষিমপুৰৰ এজন চিকিৎসকৰ


লক্ষিমপুৰ, ১৫ অক্টোবৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ চাকৰি ত্যাগ কৰিলে লক্ষিমপুৰৰ এজন চিকিৎসকে।লক্ষিমপুৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ত চাকৰি ত্যাগ পত্ৰ দিলে চিকিৎসক ডাঃ মৃণ্ময় হাজৰিকাই।

ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ মৃণ্ময় হাজৰিকাই যুটীয়া সঞ্চালকক অব্যাহতি পত্ৰ প্ৰদান কৰিছে। ইফালে অব্যাহতি পত্ৰ গ্ৰহণ কৰা নাছিল লক্ষিমপুৰ যুটীয়া স্বাস্থ্য সঞ্চালকে। লখিমপুৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মাই কোনোপধ্যেই গ্ৰহণ কৰা নাছিল অব্যাহতি পত্ৰ। ফলত কাৰ্য্যালয় চৌহদতে ডাঃ মৃণ্ময় হাজৰিকা আৰু ডাঃ বিমান শৰ্মাৰ সৈতে অৰিয়া অৰিৰ সৃষ্টি হৈছিল। অৱশেষত ৫ ঘণ্টাৰ অন্তত লক্ষিমপুৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে গ্ৰহণ কৰিলে অব্যাহতি পত্ৰ। তীব্ৰ শতাহগ্ৰস্ত আৰু তদন্তৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি চাকৰি ত্যাগ কৰে চিকিৎসক মৃণ্ময় হাজৰিকাই। তদন্ত প্ৰক্ৰিয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি কেবাটাও প্ৰশ্ন উত্থাপন কৰে চিকিৎসকজনে। লগতে জয় ভীম, জয় গুৰু শংকৰ আৰু জয় জুবিন দা ধ্বনি দিলে চিকিৎসক মৃণ্ময় হাজৰিকাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande