দেৰগাঁৱত অনুষ্ঠিত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত অসমীয়া শিশু সাহিত্য আলোচনা চক্ৰ
দেৰগাঁৱত স্বেচ্ছাসেৱী সংগঠন আশ্ৰয় ৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত - অসমীয়া শিশু সাহিত্য আলোচনা চক্ৰ।
দেৰগাঁৱত অনুষ্ঠিত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত অসমীয়া শিশু সাহিত্য আলোচনা চক্ৰ


গোলাঘাট, ১৫ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত স্বেচ্ছাসেৱী সংগঠন আশ্ৰয় ৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত - অসমীয়া শিশু সাহিত্য আলোচনা চক্ৰ অনুষ্ঠিত হয়। মঙ্গলবাৰ বিয়লি দেৰগাঁও নৰেন শৰ্মা স্মৃতি খেল পথাৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠানত, কাব্যঋষি নীলমণি ফুকন ক্ষেত্ৰত গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ লগতে অসমীয়া শিশু সাহিত্য ওপৰত এক আলোচনা চক্ৰ সভা অনুষ্ঠিত কৰা হয়।

সভা উদ্বোধন কৰে জনপ্ৰিয় লেখক তথা দৈনিক জনমভূমি কাকতৰ ডেস্ক ইন-চার্জ শাংকব কৌশিক বৰুৱাই। আলোচনা চক্ৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে মননশীল বক্তব্য আগ বঢ়াই 'মৌচাক' আলোচনীৰ সম্পাদক, বিশিষ্ট লেখক শান্তনু তামূলীয়ে। সভাত শিশু সাহিত্যৰ ভূমিকা, ইয়াৰ অধ্যয়নৰ প্ৰয়োজনীয়তা, প্ৰচাৰ আৰু প্ৰসাৰ লগতে মাতৃ ভাষাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগ বঢ়াই বিশিষ্ট লেখক শান্তনু তামূলীয়ে ।

সভাত উন্মোচন কৰা হয় লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতি কুমাৰী শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা সম্পাদিত ছাত্র ছাত্ৰী সকলৰ বাবে নিৰ্বাচিত প্ৰবন্ধ সংকলন গ্ৰন্থ আলোকবিথি আৰু লগতে উন্মোচন কৰা হয় অৱনী বৰঠাকুৰৰ চিন্তা-তৰংগ গ্ৰন্থখন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande