বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।
বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ


কোকৰাঝাৰ, ১৫ অক্টোবৰ (হি.স.):একক সংখ্যাগৰিষ্ঠ আসন লাভেৰে বিটিচি পৰিষদ গঠন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ ১২ গৰাকী পাৰিষদে যোৱা কালি মঙ্গলবাৰে নতুন কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ কৰে৷ বিটিচি সচিবালয়ত কালি দুপৰীয়া শপত গ্ৰহণৰ পিছতেই বিয়লি কাৰ্যবাহী পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত পোন প্ৰথমবাৰৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত কাৰ্যবাহী পৰিষদে মঙলবাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে বিটিচি পৰিষদীয় চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে৷

বিটিচিৰ সাচিবলয়ৰ প্ৰথম দিনাই বিটিচি কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি যিসকলৰ লগত মাটি পট্টা নাই সেই সকলক আইন গত ভাৱে মাটি পট্টা দিয়াৰ ব্যবস্থা কৰা হ'ব। পূৰ্বৰ বিপিএফ চৰকাৰে নিৰ্ধাৰিত মূল্যৰ বিনিময়ত দি থৈ যোৱা কৰ্মচাৰী সকলে যোৱা পাঁচ বছৰ ধৰি নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছিল। আৰু সেই সকল কৰ্মচাৰীৰৰ আঢ়ৈ বছৰৰ দৰমহা কম দিনৰ ভিতৰত মোকোলাই দিয়াৰ সিদ্ধান্ত কৰে।

নিৰ্বাচনৰ সময়ত ওদালগুৰিৰ ৰাইজে দাবী কৰিছিল ওদালগুৰিত মিনি সাচিবালয় বনোৱাৰ বাবে আৰু আজি কেবিনেটত সিদ্ধান্ত অনুসাৰে ওদালগুৰিত মিনি সাচিবালয়ৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সেই অনুসৰি ওদালগুৰিত মিনি সাচিবালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মিনি সাচিবালয় চলাবলৈ একাংশ বিষয়াক অতিৰিক্ত দায়িত্ব দি মিনি সাচিবালয়ৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰা হ'ব বুলি সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে৷ ইপিনে প্ৰমোড বড়োৰ আমোলত নিবিদা দিয়া বিটিচিৰ ৪০ টা বিভাগৰ সমূহ নিবিদা প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলিও হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande