গৰু ভৰ্তি গাড়ীক কেন্দ্ৰ কৰি নিশা চামগুৰিত উত্তপ্ত পৰিস্থিতি
গৰু গাড়ীক কেন্দ্ৰ কৰি কালি নিশা চামগুৰিত উত্তপ্ত পৰিস্থিতি।
গৰু ভৰ্তি গাড়ীক কেন্দ্ৰ কৰি নিশা চামগুৰিত উত্তপ্ত পৰিস্থিতি


যোৰহাট, ১৫ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ভাবে সৰবৰাহ কৰা গৰু গাড়ীক কেন্দ্ৰ কৰি যোৱা কালি মঙ্গলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শিৱ স্থানৰ পৰা নামনি দিশে গৈ থকা এখন গৰু ভৰ্ত্তি কণ্টেইনাৰ গাড়ীক প্ৰথমে লাচিত সেনাৰ কৰ্মীয়ে আবদ্ধ কৰে। নথি পত্ৰ দেখুৱাব নোৱাৰাৰ ফলত আৰক্ষীক খবৰ দিয়ে লাচিত সেনাৰ কৰ্মীয়ে।

ইফালে আৰক্ষীৰ লগত বুজাবুজি আছে বুলি গৰু ভৰ্ত্তি গাড়ী খনৰ চালকে সদৰি কৰাত ঘটনাটোক লৈ আন এক অভিযোগ উত্থাপিত হয়। গৰু ভৰ্ত্তি এনএল ০১ এএফ ০৫৯২ পঞ্জীয়ন নম্বৰৰ গাড়ী খনৰ চালকক লাচিত সেনাৰ কৰ্মীয়ে আবদ্ধ কৰি এখন ব্যক্তিগত বাহনত উঠাই নিয়াৰ অভিযোগ কৰে চালক জনে। অন্যহাতে লাচিত সেনাক গৰু সৰবৰাহৰ লগত জড়িত অন্য এটা দলে আক্ৰমণ কৰাৰ লগতে লাচিত সেনাৰ কৰ্মীৰ ৰঙা ৰঙৰ এএছ ০২ এবি ৩৫৮৫ নম্বৰৰ বাহন খনত গৰু ভৰ্ত্তি কণ্টেইনাৰ খনৰ পৰা কিছু নিলগত অন্য এখন অচিনাক্ত বাহনে খুন্দা মৰাৰ অভিযোগ কৰে লাচিত সেনাৰ কৰ্মীয়ে।

উল্লেখযোগ্য যে লাচিত সেনাৰ বাহন খনৰ পঞ্জীয়ন নম্বৰ ফলকত লগাই ৰখা হৈছে ৰঙা ৰং। ঘটনা স্থলীত চামগুৰি আৰক্ষীৰ নিশা টহল দিয়া এটা দল উপস্থিত হয় যদিও, আৰক্ষীৰ সন্মুখতে কণ্টেইনাৰ খনৰ চালক সহ অন্য দুজন লোকক ৰাষ্ট্ৰীয় ঘাইপথত আঁঠু কঢ়াই মাৰপিট কৰে লাচিত সেনাৰ কৰ্মীয়ে। পৰবৰ্তী সময়ত চামগুৰি আৰক্ষীৰ উপ পৰিদৰ্শক ঘনকান্ত ৰাভা উপস্থিত হৈ গৰু ভৰ্ত্তি কণ্টেইনাৰ বাহন খন জব্দ আৰু চালক সহ অন্য দুজনক আটক কৰাৰ লগতে ৰঙা ৰঙৰ লাচিত সেনাৰ বাহন খন থানালৈ লৈ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande