গোলাঘাট, ১৫ অক্টোবৰ (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা কালি নিশা চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। বনকৰ্মীৰ গুলীত নিহত হয় এটা চোৰাং চিকাৰী।
প্ৰাপ্ত তথ্য়মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এই গুলীয়াগুলীৰ ঘটনা ঘটে। বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত মাইতাটাপুত সংঘটিত হৈছে এই গুলীয়াগুলী ঘটনা। ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী আৰু বিন বিভাগৰ অভিযান অব্যাহত আছে।
উল্লেখ্য় যে সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই এই ধৰাৰ বুকুৰ পৰা আঁতৰি যোৱা সুৰৰ সম্ৰাট জুবিন গাৰ্গেৰ অৱৰ্তমানত ৰাজ্য়ৰ লোকসকল শোকদগ্ধ হৈ থকাৰ সময়তে একাংশ দুষ্কৃতিকাৰী নিজ স্বাৰ্থক লৈ সক্ৰিয় হৈ পৰিছে। ৰাজ্য়ৰ এনে পৰিস্থিতিৰ সুযোগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সোমাইছে চোৰাং চিকাৰী। যোৱাকালি মঙলবাৰে নিশা চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। বনকৰ্মীৰ গুলীত নিহত হয় এটা চোৰাং চিকাৰী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ