নগাঁও, ১৪ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ ননৈত এক ভযাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ এখন তীব্ৰবেগী এল্টো বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত সোমাই পৰে ৷
জানিব পৰামতে, এএছ ৩১ বি ৪৬৯৫ নম্বৰৰ এল্টো বাহন খন তীব্ৰ বেগত আহি আছিল। ফলত নিয়ন্ত্ৰণহীন হৈ দলং এখনৰ তলত বাগৰি পৰে। এই দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় চাৰিজন লোক। চাৰিওকে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা