বাক্সা, ১৪ অক্টোবৰ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে গভীৰ সম্পৰ্ক আছিল মৰমৰ শিল্পী জুবিন গাৰ্গৰ। মন গলেই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছিল জুবিন গাৰ্গ। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ আহি দুবাৰকৈ নিশাৰ আলহী হৈছিল মানাহৰ বাঁহবাৰী ৰেঞ্জৰ চিখিৰি কটেজৰ।
সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে মানাহত অহাৰ কথা কৈ সুৱঁৰিলে চিখিৰি কটেজৰ স্বত্বাধিকাৰী শক্তি সিঙে। এবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত জুবিন গাৰ্গে জীপ ছাফাৰি কৰি থকাৰ সময়তেই জুবিন গাৰ্গৰ বাহনক লক্ষ্য কৰি চোঁচা লৈছিল এটা প্ৰকাণ্ড গঁড়ে। জুবিন গাৰ্গে প্ৰকাণ্ড গঁড়টোক গো বেক, গো বেক (Go Back, Go Back) বুলি কওঁতেই আঁতৰি গৈছিল গঁড়টো।
মানাহ ৰাষ্ট্ৰীয় উদ্যানক সামৰি জুলু নামৰ এখন ছবি নিৰ্মাণ কৰাৰো পৰিকল্পনা হাতত লৈছিল জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গৰ বিয়োগত আধৰুৱা হৈ ৰৈ গ'ল তেওঁৰ সকলো সপোন আৰু পৰিকল্পনা। উল্লেখ্য যে সমূহ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি থকাৰ সময়তেই চিখিৰি কটেজৰ স্বত্বাধিকাৰী শক্তি সিঙেও প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বাবে অসম চৰকাৰৰ ওচৰত ন্যায় বিচাৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা