হোজাই, ১৪ অক্টোবৰ (হি.স.)। লংকাৰ খাৰি খানাত আজি বৃহত বনৰীয়া হাতীৰ জাক এটাই উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ প্ৰাকৃতিক আবাসস্থলী সমূহত বনমাফিয়া সমূহে ব্যাপক হাৰত মুল্যৱান গছ গছনি সমূহ কাটি খাষ্টাং কৰাত বনৰীয়া হাতি সমূহৰ খাদ্যৰ নাটনি হয়।উপায়হীন বনৰীয়া হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি হাতীৰ জাকটোৱে খেতিৰ পথাৰত চলাই সন্ত্ৰাস।
অঞ্চলটোৰ শ শ বিঘা কুঁহিয়াৰৰ আৰু ধানৰ খেতি নষ্ট কৰে হাতীৰ জাকটোৱে।স্থানীয় গাওবাসী সকলে বনৰীয়া হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠাবলৈ বন বিভাগক অনুৰোধ জনাইছে যদিও গাওবাসী সকলৰ অনুৰোধক বন বিভাগে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নায়। বনৰীয়া হাতীৰ জাকটোৱে প্ৰায় ৫ লাখ টকাৰ ফচল নষ্ট কৰিছে বুলি স্থানীয় গাওবাসী সংবাদ মাধ্যমক অবগত কৰিছে।ে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা