শিৱসাগৰ, ১৪ অক্টোবৰ (হি.স.)। ডিমৌৰ ধোন্দৰমুখ কোঁৱৰ গাৱৰ ডিমৌ নদীত অঘটন। নদীত মাছ ধৰিবলৈ গৈ দুজনৰ সলিল সমাধি। পালেঙী কচাৰী পথাৰৰ মোহন গগৈ আৰু কোচ গাঁওৰ মন্টু (তীখ) গগৈ বুলি চিনাক্ত । ইতিমধ্যে লগৰীয়া মাছমৰীয়াই মৃতদেহ উদ্ধাৰৰ বাবে নদীত আৰম্ভ কৰিছে অভিযান।
পৰিয়ালৰ সদস্য়ই আৰক্ষী থানাক অবগত কৰিছে। জিলা আৰক্ষী থানাৰ পৰা উদ্ধাৰকাৰী দল আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰিিিব সক্ষম হোৱা নাই। বৰ্তমানো উদ্ধাৰ অভিযান অব্য়াহত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা