ডিব্ৰুগড়, ১৪ অক্টোবৰ (হি.স.)। ডিব্ৰুগড় জিলাৰ টিংখাঙত সংঘটিত হৈছে এক ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা। অষ্টম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্র বিদ্যালয়লৈ গৈ পাঁচ দিনে কোনো সন্ধান নোহোৱাকৈ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে। ছাত্ৰজনৰ নিৰুদ্দেশৰ পাছৰ পৰাই ঘৰখনত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ।
টিংখাং সমষ্টিৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ম'হখোৱা গাঁৱৰ নিৱাসী দেৱজিৎ বৰা আৰু পান্না বৰাৰ বৰপুত্ৰ তথা ৰাজগড় একাডেমী চেণ্টাৰৰ অষ্টম শ্ৰেণীৰ ছাত্র আদিত্য বৰা (গুণগুণ) যোৱা ৯ অক্টোবৰৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে। উক্ত দিনা ছাত্রজনক পিতৃ দেৱজিৎ বৰাই নিজেই পুৱা বিদ্যালয় গেটৰ সন্মুখত থৈ আহিছিল। কিন্তু বিদ্যালয়ৰ ছুটিৰ সময়ত পিতৃয়ে ছাত্ৰজনক বিদ্যালয়ত নাপালে়। পাছত বিদ্যালয়ত খবৰ কৰাত পিতৃয়ে গম পাই যে উক্ত দিনা ছাত্রজন বিদ্যালয়ত উপস্থিত নাছিল।
আনহাতে বিদ্যালয়খনৰ আদিত্যৰ সহপাঠী টিংখাঙৰ বৰবামৰ জোকতলী অঞ্চলৰ ৰোহিত বাউৰী নামৰ আন এজন ছাত্রও উক্ত দিনা শ্রেণীকোঠাত উপস্থিত নাছিল। দুয়োটা পৰিয়ালে ছাত্ৰ দুজনৰ সন্ধানত বিচৰা-খোঁচাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাজগড় আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে। কিন্তু লক্ষণীয়ভাৱে ৰোহিত বাউৰী নগাঁও জিলাৰ হোজাইত উদ্ধাৰ হয় যদিও বর্তমানেও আদিত্য বৰাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী অথবা পৰিয়ালৰ লোকে।
ছাত্রজন মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ প্রকাশ কৰিছে পৰিয়ালৰ লগতে বিভিন্নজনে। এতিয়া বৰপুত্ৰক বিচাৰি কান্দোনত ভাগি পৰা মাতৃয়ে পুত্ৰক সুস্থ শৰীৰে ঘূৰাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে। কোনো লোকে কিশোৰজনৰ সম্ভেদ লাভ কৰিলে পিতৃৰ ৮৮৭৬৮-৬৯৭৭৯ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা