ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত ১
ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনা।
ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত ১


নগাঁও, ১৪ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটত যোৱা কালি সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত এজন যুৱকৰ মৃত্য়ু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাত ৰূপহীহাটৰ গেৰুৱাআটিৰ ৰকিবুল হুছেইন নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় ইলিয়াছ আহমেদ নামৰ আন এজন যুৱক।

প্ৰাপ্ত তথ্য়মতে, গড়াজানৰ পশ্চিম আমৰাকান্দাত সংগঠিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনাটো। তীব্ৰ বেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শিমুলু গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় বাইক আৰোহীদ্বয়। যুৱকদ্বয় েচলাই অহা তথা দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলৰ নম্বৰ এএছ ০২ এএল ৭৭৪৯ বুলি জানিব পৰা গৈছে। ইতিমধ্য়ে ঘটনাস্থলীত গড়াজান আৰক্ষীয় উপস্থিত তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande